Dr.Nayanjyoti's Homoeopathic Heal

Dr.Nayanjyoti's Homoeopathic Heal Health & wellness Through Homoeopathy

https://www.facebook.com/share/p/16zbLiXsaA/
29/07/2025

https://www.facebook.com/share/p/16zbLiXsaA/

সৰ্বাংগাসন(Sarvangasana) এবিধ যোগাসনৰ প্ৰকাৰ।
ইয়াক সৰ্বাংসাধন মুদ্ৰা বুলিও কোৱা হয়। ইয়াক সকলো "যোগাসনৰ ৰাণী"
( Queen of all Asanas) বুলিও কোৱা হয়।
এই যোগাসনটো থাইৰয়ড
গ্ৰন্থীৰ সকলোধৰণৰ সমস্যা যেনে-Hypothyroidism , Hyperthyroidism ৰ‌ বাবে উপযোগী। ইয়াৰ ওপৰিও ই মেৰুদণ্ড শক্তিশালী কৰাত,শৰীৰ সবল কৰি যৌৱন বহু দিনলৈ ধৰি ৰখাত সহায় কৰে।

অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ------------------------------------------অৰুচি কি?অৰুচি হল খাদ্যৰ প্ৰতি ব্যক্তি এজনৰ অনিহা আৰু ল...
16/10/2020

অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ
------------------------------------------

অৰুচি কি?
অৰুচি হল খাদ্যৰ প্ৰতি ব্যক্তি এজনৰ অনিহা আৰু লগতে তেওঁ খাদ্যৰ জুতি নোপোৱাটোকে বুজায়।
অৰুচি কোনো এক ৰোগ নহয়
কিন্তু ই শৰীৰৰ আভ্যন্তৰীণত হৈ থকা কোনো এক ৰোগৰ বাহ্যিক ভাৱে দেখা এক উপসৰ্গ হব পাৰে।বৰ্তমান সময়খিনি হৈছে বিভিন্ন ধৰণৰ ফ্লু,জ্বৰ-ছৰ্দি আৰু কাহৰ চিজন।এইফালে কভিদ -১৯ নামৰ দৈত্য বিধ ইতিমধ্যে আমাৰ মাজত এতিয়াও আছেই। দেখা গৈছে যে বিভিন্ন ধৰণৰ ফ্লু,জ্বৰ-ছৰ্দি কাহ আৰু কভিড-১৯ হৈ ভাল হোৱাৰ এসপ্তাহ-দুসপ্তাহৰ পিছতো আক্ৰান্ত হৈ উঠা মানুহ এজনৰ মুখত খাদ্যৰ জুতি ভালকৈ নাহে আৰু অৰুচি ভাৱ এটা আহি যায়।জুতি লগাই তৃপ্তিৰে ভাতকেইটা ভালকৈ খাৱ নোৱাৰাৰ ফলত ব্যক্তি জনে কেইদিনমান অকণমান দুৰ্বলতা অনুভৱ কৰে যদিও খাদ্যৰ প্ৰতি অৰুচি দূৰ হোৱাৰ পিছত আকৌ যেতিয়া ভালকৈ জুতি লগাই খাব পৰা হয়,তেতিয়া আকৌ আগৰ দৰে সবলতা অনুভৱ কৰিব পাৰে। সেইবাবে অৰুচি এটা সৰু সমস্যা যদিও ইয়াক অলপমান গুৰুত্ব প্ৰদান কৰিব পাৰিলে ভাল।

অৰুচিৰ কাৰণসমূহ:
-----------------------------

১)কেতিয়াবা বহু দিনলৈ জ্বৰত ভুগি থকাৰ সময়ত আৰু সেই জ্বৰ ভাল হৈ উঠাৰ এক-দুই সপ্তাহ পিছলৈ আৰুচি ভাৱ এটা দেখা যায়।

২) যকৃতৰ কোনো আভ্যন্তৰীণ সমস্যা থাকিলে খাদ্যৰ প্ৰতি অৰুচি ভাৱ এটা দেখা দিব পাৰে।

৩)অত্যাধিক ধূম্ৰপান আৰু মদ্যপান কৰাৰ ফলত জিভাত থকা খাদ্যৰ জুতি কণিকা বা টেষ্ট্ বাদসমূহ(Taste Buds)
ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত
খাদ্যৰ অৰুচি দেখা যায়।

৪) সৰু লৰা ছোৱালী ক্ষেত্ৰত যদি
তেওলোক পেটৰ পেলুৰ সমস্যাত ভুগি আছে তেন্তে সিহঁতৰ মাজত খাদ্যৰ অৰুচি ভাৱ দেখা দিব পাৰে।

৫) কেতিয়াবা অধিক মাত্ৰাত পেটৰ গেছৰ সমস্যা বা গেষ্ট্ৰাইটিছ্ ৰোগৰ বাবেও বাহ্যিক উপসৰ্গ হিচাপে খাদ্য ৰ অৰুচি দেখা দিব পাৰে।

৬) মুখৰ ভিতৰত বা জিভাত ঘাঁ হলেও খাদ্যৰ অৰুচি দেখা দিয়ে।

৭) মুখগহ্বৰৰ ভিতৰত হোৱা ভেকুৰজনীত সংক্ৰমণৰ
(Oral Thrust)বাবেও
খাদ্যৰ অৰুচি দেখা দিব পাৰে।

৮) কিছুমান ৰোগৰ ক্ষেত্ৰত
ব্যৱহাৰ কৰা কিছুমান মেডিছিন বা ঔষধৰ পাশ্বক্ৰিয়া বাবেও অৰুচি হোৱা দেখা যায়।

৯) টনছিলাইটিছ, মামছ আদি ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সময়তো খাদ্যৰ প্ৰতি অৰুচি ভাৱ এটা প্ৰকাশ পায়।

১০) কিছুমান ডাঙৰ ৰোগ যেনে -কেনছাৰ আদিৰ বাহ্যিক উপসৰ্গ হিচাপে
খাদ্যৰ প্ৰতি অৰুচি দেখা দিব পাৰে।

খাদ্যৰ প্ৰতি অৰুচি প্ৰতিকাৰৰ উপায়সমূহ-
"""""""""""""""""""""""""""""""

আগতে ওপৰত উল্লেখ কৰাৰ দৰে আকৌ এবাৰ উল্লেখ কৰা হল যে খাদ্যৰ প্ৰতি অৰুচি কোনো ৰোগ নহয়, কিন্তু শৰীৰৰ ভিতৰত ঘটি থকা কোনো আভ্যন্তৰীণ ৰোগৰ বাহ্যিক উপসৰ্গ এটা হে মাথোন। সেইবাবে ইয়াৰ প্ৰতিকাৰৰ বাবে শৰীৰৰ আভ্যন্তৰীণত হৈ থকা ৰোগবিধ প্ৰথমতে ঠাৱৰ কৰি সেইমতে চিকিৎসা গ্ৰহণ কৰিব লাগিব।
যদি দুৰ্বল যকৃতৰ বাবে হৈছে তেন্তে যকৃতৰ চিকিৎসা, সৰু লৰা ছোৱালীৰ ক্ষেত্ৰত যদি পেটত থকা পেলুৰ বাবে হৈছে,তাৰ চিকিৎসা ইত্যাদি ইত্যাদি।

ইয়াৰোপৰি খাদ্যৰ ৰুচি
বৃদ্ধিৰ বাবে তলত উল্লেখ কৰা উপায়সমূহ অৱলম্বন কৰিলে সুফল পাব পাৰে----

১) শৰীৰত লগা অনুসৰি প্ৰয়োজনীয় পানী খাব।

২) ৰাতি সোনকালে শুই, ৰাতিপুৱা সোনকালে উঠিব।
এইটো এটা আমাৰ শৰীৰৰ বায়লজিকেল ক্লক(Biological clock)নিয়ম।ভালদৰে পালন কৰিব পাৰিলে শৰীৰৰ বাবে অত্যন্ত উপকাৰী।

৩) বতৰৰ ফলমূলবোৰ বতৰতে সেৱন কৰিব।

৪) শেৱালি ফুল ভাতৰ লগত ৰান্ধি খালে অৰুচি দূৰ হয়।ইয়াৰোপৰি টেঙেছী টেঙা, মাণিমুণী, দ্ৰুণ শাক আদি ভাতৰ সৈতে খালে
খাদ্যৰ প্ৰতি অৰুচি দূৰ হয়।

৫) নেমু , কুজি ঠেকেৰা আদি ৰ চৰ্বত বনাই খালেও কিছুমান পৰিমাণে খাদ্যৰ অৰুচি দূৰ হয়।

৬)অৰুচি হলে লেমন টি (Lemon tea) নিয়মিত সেৱন কৰিব, অৰুচি দূৰ হব।

৭) শিলিখা, আমলখি আদি অথবা ইহতৰ চূৰ্ণ আদি দিনত ২ বাৰ মান খাব। অৰুচি দূৰ হব।
ইয়াৰোপৰি দৈনিক এটুকুৰা কৈ কেচা আদা মুখেৰে চুবাই খাইও সুফল লাভ কৰিব পাৰি।

৮) দাত আৰু মুখগহ্বৰৰ পৰিস্কাৰ কৈ ৰাখিব

৯) খাদ্যৰ অৰুচি হৈ থকা কেইদিন সহজতে হজম খাদ্য গ্ৰহণ কৰিব লাগে।

১০) ভ্ৰমণ প্ৰাণায়াম,
পবনমুক্তাসন,সৰ্বাংগসন,
উস্ত্ৰাসন,
যোগমুদ্ৰা আদি যোগ ব্যায়াম নিয়মিতভাৱে কৰিলে এই সমস্যাৰ পৰা সুফল পোৱা যায়।

১১) ধুম্ৰপান, মদ্যপান ত্যাগ কৰিলে সোনকালে সুফল লাভ কৰিব পাৰি।

সামৰণি:
-----------
সৰু সুৰা কাৰণৰ পৰা হোৱা খাদ্যৰ অৰুচি ওপৰত উল্লেখ কৰা প্ৰতিকাৰসমূহ ভালকৈ অৱলম্বন কৰিয়ে আৰোগ্য লাভ কৰিব পাৰি। ডাঙৰ ৰোগৰ বাবে হোৱা অৰুচি ভালদৰে ৰোগবিধ ঠাৱৰ কৰি উপযুক্ত চিকিৎসকৰ দ্বাৰা উপযুক্ত চিকিৎসা আৰু পৰামৰ্শ গ্ৰহণ কৰি নিৰাময় কৰিব পাৰি।
হোমিওপ্যেথিটো খাদ্যৰ অৰুচি নিৰাময়ৰ বাবে ভাল ভাল ঔষধ উপলব্ধ আছে।ৰোগী এজনৰ পৰা পোৱা বিভিন্ন লক্ষণৰ উপৰত ভিত্তি কৰি আৰু আভ্যন্তৰীণ ৰোগ নিৰ্ণয় কৰা পিছত ব্যক্তিজনৰ লগত মিল খোৱা উপযুক্ত
ঔষধ প্ৰদান কৰা হয়।

লিখক:
ডাঃ নয়নজ্যোতি হাজৰিকা
Reg No: A - 1275

গোৱৰাদল,
নলবাৰী(অসম)
Phone-6000672185

What's app-9085859752

Email-
nayanfz@gmail.com

প্ৰোবায়টিক আৰু ইয়াৰ উপকাৰীতা---------------------------------------প্ৰোবায়টিক (Probiotic)হল এক শ্ৰেণীৰ উপকাৰী বেক্টেৰিয়া...
11/09/2020

প্ৰোবায়টিক আৰু ইয়াৰ উপকাৰীতা
---------------------------------------

প্ৰোবায়টিক (Probiotic)হল এক শ্ৰেণীৰ উপকাৰী বেক্টেৰিয়া।
ইয়াৰ লগতে কেইটামান
ভেকুৰৰ গাটো প্ৰোবায়টিক গুণাগুণ নিহিত হৈ থকাটো কিছুমান গৱেষণাত পোৱা গৈছে।

আমাৰ শৰীৰত পোৱা এনেবোৰ প্ৰোবায়টিকৰ প্ৰধান বসতিস্থল হৈছে আমাৰ পাচনতন্ত্ৰত থকা ক্ষুদ্রান্ত্র আৰু বৃহদ্রান্ত্র (small intestine & large intestine) ।ইয়াৰ বাহিৰেও মুখৰ ভিতৰত (oral cavity), মুত্ৰনলী (urinary tract )আদিকে ধৰি কিছুমান ঠাইত প্ৰোবায়টিক দেখা পোৱা গৈছে।

প্ৰোবায়টিক বেক্টেৰিয়াৰ উপকাৰসমূহ ::::
------------------------------------
১)ক্ষুদ্রান্ত্র আৰু বৃহদ্রান্ত্রত থকা প্ৰোবায়টিক বেক্টেৰিয়াসমূহে খাদ্য পাচনকাৰ্য্য সহায় কৰে।ইয়াৰ লগতে বিভিন্ন পেটৰ বেমাৰ আজাৰ সৃষ্টি কৰিব পৰা বেয়া বেক্টেৰিয়াসমূহৰ উপস্থিতি কমাই ৰাখে।

২)এই প্ৰোবায়টিক সমূহে ছালৰ বিভিন্ন ধৰণৰ এলাৰ্জি, একজিমা আদি ৰোগসমূহ ছালত সহজতে হবলৈ নিদিয়ে। ইয়াৰ লগতে ই ছালৰ উজ্বলতা বঢ়াই তোলাত সহায় কৰে।

৩) কিছুমান প্ৰোবায়টিক বেক্টেৰিয়াই আমাৰ শৰীৰত বেয়া কলেষ্টৰল বা LDL কমাই ৰখাত সহায় কৰে আৰু এইদৰে এনে কিছুমান প্ৰোবায়টিক বেক্টেৰিয়াই আমাৰ হৃদপিন্দটোক সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে।

৪)কিছুমান প্ৰোবায়টিকে শৰীৰত জমা হোৱা অতিৰিক্ত মেদ হ্ৰাস কৰি মেদবহুলতা (obesity)দূৰ কৰাত সহায় কৰে।

৫) মুত্ৰনলীত হব পৰা বিভিন্ন বেক্টেৰিয়াজনীত সংক্ৰমণ (Urinary Tract Infection) প্ৰতিৰোধ কৰাত সহায় কৰে।

৬)প্ৰোবায়টিকসমূহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা
(It enhances our body immunity) বঢ়াই তোলাত সহায় কৰে।

তলত উল্লেখ কৰা কাৰণবোৰৰ বাবে আমাৰ শৰীৰত প্ৰোবায়টিকবোৰৰ পৰিমাণ কমি যায়--------
-------------------------------------

১) সৰু সৰু বেমাৰ আজাৰ বিলাকটো যধে মধে চিকিৎসকৰ পৰামৰ্শ অবিহনে এনটিবায়টিক ঔষধবোৰ সেৱন কৰাৰ ফলত।

২)অত্যাধিক মদ্যপান কৰাৰ ফলত।

৩) অত্যাধিক ধূম্ৰপান কৰাৰ ফলত।

৪) যিবিলাক মানুহে প্ৰায়ে ৰাতি টোপনি ক্ষতি কৰে
তেনেবোৰ মানুহৰ ক্ষেত্ৰত।

৫) শাৰীৰিক পৰিশ্ৰম কমকৈ কৰা মানুহৰ ক্ষেত্ৰত।

৬) বেছিকৈ চিন্তা আৰু হতাশাত ভুগি থকা মানুহবোৰৰ ক্ষেত্ৰত শৰীৰত প্ৰোবায়টিকৰ সংখ্যা কমি যায়।

প্ৰোবায়টিক খাদ্য::
----------------------------------------
আমি ঘৰতে একেবাৰে সহজতে পাব পৰা এবিধ প্ৰোবায়টিক খাদ্য হল দৈ (Yogurt)।

প্ৰোবায়টিক খাদ্য হিচাপে দৈৰ উপকাৰীতা
----------------------------------------

১) ই ছালৰ সতেজতা বৃদ্ধি কৰি সৌন্দৰ্য বৃদ্ধিত সহায় কৰে।

২)খাদ্য সহজতে পাচন কৰাত সহায় কৰে।

৩)শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰাত সহায় কৰে।

৪) হাড়ৰ শক্তি বৃদ্ধিত সহায় কৰে।

৫)শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

সামৰণি::
----------------------------------------
আজিকালি চিকিৎসা বিজ্ঞানৰ প্ৰধান ধাৰণাটোৱে হৈছে Prevention.
এক কথাত কৱ গলে ইয়াকে
Prevention is better than Cure বুলি কোৱা হয়।
প্ৰোবায়টিক খাদ্যবোৰ আমি ব্যৱহাৰ কৰি থাকিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি পায়।ফলত আমি ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বহুতো ধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো।

লিখক::

ডাঃ নয়নজ্যোতি হাজৰিকা
BHMS (Gau), PGDYN (KKHSOU)

হোমিওপ্যেথিক চিকিৎসক,
নলবাৰী(অসম),
Phone-6000672185
What's app-9085859752
Email id- nayanfz@gmail.com

শালম‌ইনা আৰু ইয়াৰ যোগ আৰু হোমিওপ্যেথিক চিকিৎসা :-------------------------------------শালম‌ইনা সাধাৰণতে ডেকা গাভৰু আৰু কি...
20/08/2020

শালম‌ইনা আৰু ইয়াৰ যোগ আৰু হোমিওপ্যেথিক চিকিৎসা :
-------------------------------------

শালম‌ইনা সাধাৰণতে ডেকা গাভৰু আৰু কিশোৰ কিশোৰীসকলৰ মাজত দেখা পোৱা এটা ছাল সম্পৰ্কীয় সমস্যা ।ডেকা-গাভৰু, কিশোৰ-কিশোৰীসকলৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা পোৱা যায়।
ই তেনে এটা গুৰুতৰ সমস্যা নহয় যদিও,শালম‌ইনা বেছিকৈ ওলোৱা ব্যক্তিৰ ক্ষেত্ৰত তেখেতৰ সৌন্দৰ্যত ই কিছু পৰিমাণে আঘাত হানে।
ইয়াক প্ৰধানকৈ মানুহৰ মুখমণ্ডলৰ ছালত হোৱা দেখা যায় যদিও কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত এই সমস্যাটো কেতিয়াবা অলপ গুৰুতৰ হৈ আহি ডিঙিৰ তলৰ ছাল পৰ্য্যন্ত বিয়পি পৰা দেখা পোৱা যায়।

প্ৰক্ৰিয়া ‌‌ঃ-
----------------
যেতিয়া ছালৰ তলৰ ঘৰ্ম গ্ৰন্থিসমূহৰ পৰা ছিবাম (মম জাতীয় পদাৰ্থ) বেছি পৰিমাণে ক্ষৰিতঃ হবলৈ ধৰে, তেতিয়া ই ছালৰ সৰু সৰু ফুটাসমূহ বন্ধ কৰি পেলাই মুখমণ্ডলত কিছুমান সৰু সৰু গুটি আকৃতিৰ শালম‌ইনাৰ সৃষ্টি কৰে। এনেকুৱা শালম‌ইনাসমূহত সাধাৰনতে বিষৰ অনুভৱ নাথাকে। কিন্তু এনে শালম‌ইনাসমূহ কেতিয়াবা কিছুমান বেক্টেৰিয়াৰদ্বাৰা সংক্ৰমিত হলে তাত বিষৰ অনুভৱ হয়।ইয়াৰ পিছৰ পৰ্য্যায়ত ই অলপ পকি উঠে। সঠিক সময়ত এনে শালম‌ইনাসমূৰ উপযুক্ত চিকিৎসা গ্ৰহণ নকৰিলে, তাত কিছুমান মৃত কোষ (Dead Cell)জমা হৈ পিছলৈ সেই ঠাইখিনিত কিছুমান কলা কলা দাগৰ সৃষ্টি কৰে ।ফলত যিজন ব্যক্তিৰ ক্ষেত্ৰত এনে হয়,তেওঁৰ সৌন্দৰ্য্য বৰ্দ্ধনত অলপ বাধা আহি পৰে আৰু এইবোৰৰ বাবে তেওঁৰ মনত অলপ হতাশা তথা হীনমাণ্যতাৰ সৃষ্টি হৱ পাৰে।

শালম‌ইনা সৃষ্টিৰ প্ৰধান কাৰণ সমূহ ::::
---------------------------------------
১) ছালৰ তলৰ ঘৰ্ম গ্ৰন্থিসমূহৰ বেছিকৈ ছিবাম ক্ষৰিতঃ হোৱাৰ ফলত -
২)কিশোৰ অৱস্থাত বেছিকৈ Androgen হৰমন নিঃক্ষৰিত হোৱাৰ ফলত, এই সময়ত এই হৰমনৰ প্ৰভাৱত বেছিকৈ শালম‌ইনা হোৱা দেখা পোৱা যায়।
৩) তেজ দূষিত হোৱাৰ ফলত-
৪) লিভাৰ বা যকৃত(Liver) কাৰ্য্যক্ষমতা ভাল নহলেও কিছুমান ক্ষেত্ৰত শালম‌ইনা হৱ পাৰে।

আন আন প্ৰভাৱিত কৰিব পৰা কাৰকসমূহ----------

(ক) ৰাতি বেছি দেৰিলৈকে টোপনি ক্ষতি কৰি উজাগৰে থাকিলে।
(খ)সদায়ে বেছি তেলত ভজা আৰু অতিপাত মছলাযুক্ত খাদ্য গ্ৰহণ কৰি থাকিলে।
(গ) কেতিয়াবা কিছুমান প্ৰসাধন সামগ্ৰীৰ বেয়া প্ৰভাৱৰ ফলত ।
(ঘ)সঘনাই হৈ থকা মানসিক অশান্তি আৰু হতাশগ্ৰস্তাতাৰ ফলত।
(ঙ) অতিমাত্ৰা গৰম আৰু
আৰ্দ্ৰতা বেছি থকা পৰিবেশত থাকিলে ।
(চ)মহিলাৰ মাহেকীয়া হোৱাৰ আগমূহূৰ্তত শৰীৰত হৰমন স‌ংক্ৰান্তীয় ক্ৰিয়াকালাপ বাঢ়ি যোৱাৰ প্ৰভাৱত দুই চাৰিটা শালম‌ইনা হোৱা কেতিয়াবা দেখা যায়।

নিজে নিজৰ লৱ পৰা পৰিচৰ্য্যা (Self Care) :
--------------------------------------

১) বাহিৰৰ পৰা ফুৰি অহাৰ পিছত আৰু ৰাতি টোপনি যোৱাৰ আগত, মুখমণ্ডলত সম্পূৰ্ণ পৰিস্কাৰ পানীৰে ধুনীয়া কৈ ধুই লৈ এখন পৰিস্কাৰ তথা শুকান কটনৰ কাপোৰৰে ভালকৈ শুকান কৈ মুচিৱ লাগে যাতে শালম‌ইনা হোৱা ঠাইত ধূলি মাকতি লাগি নাথাকে আৰু বেক্টেৰিয়াজনীত স‌ংক্ৰমণ নহয়।
২)পানী বেছিকৈ খাৱ লাগে।
৩) মধুৰীআম, ডালিম,তিয়হ আদি Antioxidants বেছি থকা ফলমূলবোৰ বেছিকৈ খাৱ লাগে।ইহতে ছালৰ উজ্বলতা বৃদ্ধিত সহায় কৰে।
৪) ইয়াৰ লগতে কোষ্ঠকাঠিণ্য আতৰাই ৰাখিবলৈ আহ্ জাতীয় খাদ্য বেছিকৈ সেৱন কৰিব লাগে।
৫)ৰাতি সোনকালে শুৱ যত্ন কৰিব লাগে।এটা ভাল টোপনি এই ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয়।
৬) বেছি তেলত ভজা খাদ্য, অত্যন্ত জলকীয়া আৰু মছলা দি ৰন্ধা খাদ্যবোৰ বৰ্জন কৰিব লাগে।ফাষ্ট ফুদবিলাকৰ পৰা আতৰত থাকিব লাগে।
৭)মদ্যপান,ধূম্ৰপান আদি ৰাগীয়াল বস্তুসমূহ সম্পূৰ্ণ বাদ দিব লাগে।
৮) যদি হতাশা আৰু অত্যধিক মানসিক চিন্তাৰ বাবে যদি শালম‌ইনা হৈছে তেন্তে এইবোৰ পাহৰি থাকিবলৈ অন্য কোনো গঠনমূলক কামত মনোনিবেশ কৰিব লাগে।

যোগ চিকিৎসা ::::
----------------------
১) যোগামুদ্ৰা (Yogamudra)- ৰাতিপুৱা খালী পেটত ৫ মিনিটৰ বাবে ---ই লিভাৰৰ সকলো সমস্যা দূৰ কৰে।

২) ভদ্ৰাসন(Butterfly pose)-
ৰাতিপুৱা খালী পেটত ৫ মিনিটৰ বাবে।
মহিলাৰ মাহেকীয়া সংক্ৰান্তীয় সকলো সমস্যা দূৰ কৰে।

৩) বজ্ৰাসন(Bajrasana)-
ৰাতি ভাত খোৱাৰ ১০ মিনিটৰ পিছত ৫ মিনিটৰ বাবে।এই আসনে খাদ্য ভালদৰে হজম হোৱাত আৰু ৰাতি ভাল টোপনি হোৱাত সহায় কৰে।

৪) শৱাসন(Savasana)-
ৰাতিপুৱা খালী পেটত ৫ মিনিটৰ বাবে ।ইয়াক নিয়মিত ভাৱে কৰিলে মানসিক হতাশা, চিন্তা আদি দূৰ কৰে।

৫) অনুলম-ভিলম আৰু কপালভাতি প্ৰাণায়াম-ৰাতিপুৱা খালী পেটত ,উভয়কে ৫ মিনিট কৈ কৰিব। এই দুটা প্ৰাণায়ামে শৰীৰৰ দূষিত বায়ুবোৰ আতৰাই পঠায় আৰু লগতে শৰীৰৰ দূষিত তেজ পৰিস্কাৰ কৰাত সহায় কৰে(They act as Blood purifier)।

৬)শীতলী প্ৰাণায়াম
(Sh*tali Pranayam)-
ৰাতিপুৱা খালী পেটত ২ মিনিটৰ বাবে। এই প্ৰাণায়ামে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে আৰু শৰীৰত অতিৰিক্ত গৰম সোমালে তাক বাহিৰ কৰি দিয়ে।

শালম‌ইনাৰ হোমিওপ্যেথিক চিকিৎসা-----
------------------------------------

ৰোগীজনৰ লক্ষণ অনুসৰি তলত দিয়া ঔষধসমূহ কোনো অভিজ্ঞ
হোমিওপ্যেথিক
চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহন কৰিব পাৰে -----
১) Berberis Aquifollium
২) Kali Bromatum
৩) Asterius Rubens
৪) Pulsatilla
৫) Calc Sulph
৬) Calc Carb
৭) Hepar Sulph
৮) Silicea
৯) Belladona
১০) Sulphur
১১)Juglans Regia

ব্যক্তি আৰু লক্ষণ অনুযায়ী ভিন ভিন ব্যক্তিৰ ক্ষেত্ৰত ভিন ভিন হোমিওপ্যেথিক ঔষধ আহিব পাৰে।সেই কাৰণে এজন অভিজ্ঞ হোমিওপ্যেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ সেৱন কৰাটো নিতান্ত প্ৰয়োজনীয়।

লিখক-
ডাঃ নয়নজ্যোতি হাজৰিকা
BHMS (Gau), PGDYN ( KKHSOU)
হোমিওপ্যেথিক আৰু যোগ চিকিৎসক,
নলবাৰী(অসম)
What's app- 9085859752
Phone-6000672185

ক্ৰীড়াজনীত আঘাত আৰু হোমিওপ্যেথি --------------------------------------ক্ৰীড়া হল মানৱ জীৱনৰ এক অভিন্ন অংগ । নিয়মীয়াকৈ খেল...
16/08/2020

ক্ৰীড়াজনীত আঘাত আৰু হোমিওপ্যেথি
--------------------------------------

ক্ৰীড়া হল মানৱ জীৱনৰ এক অভিন্ন অংগ । নিয়মীয়াকৈ খেলাধূলা কৰি থাকিলে, আমাৰ দেহ মন সকলো ভালে থাকে । উঠি অহা লৰা-ছোৱালীসকলৰ বাবে বিভিন্ন ধৰণৰ খেলা ধূলা যেনে- ফুটবল, ভলীবল,দৌৰা,লং জাম্প,হাই জাম্প আদিবোৰ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে অত্যন্ত জৰুৰী।
কিন্তু এই খেলা ধূলাবোৰৰ মাজতে তেওঁলোকে কেতিয়াবা কিছুমান ক্ৰীড়াজনীত আঘাতত ভোগ কৰিব লগীয়া হয় আৰু আজি
আমি সেই ক্ৰীড়াজনীত আঘাতবোৰৰ হোমিওপ্যেথি চিকিৎসাৰ বিষয়ে আলোচনা কৰিম ।

১) পৰি আঘাত পালে----

খেলা-ধূলাবোৰ মাজতে মজিয়াত পৰি আঘাত পোৱাটো এক সাধাৰণ পৰিঘটনা। পৰি আঘাত পালে সাধাৰণতে ঠেতেলা খোৱা যায়। ঠেতেলা খালে আঘাত পোৱা অংশত কেতিয়াবা টেমুনা বা কেতিয়াবা আঘাত পোৱা অংশত তেজ মৰহি অলপ কলা বৰণীয়া হৈ পৰে।এনে আঘাতত হোমিওপ্যেথিক দৰৱ
Arnica Montana য়ে অতি উত্তম কাম কৰি আঘাত সোনকালে নিৰাময় কৰে।

২)পৰি চোচৰি আঘাত পালে-

পৰি চোচৰি পোৱা আঘাতত সাধাৰণতে মাখি ছাল উঠি ঠাইডোখৰ অলপ ৰঙছোৱা হৈ পৰে আৰু তাত অলপ জ্বলন অনুভৱ হয়। এনেকুৱা আঘাতক চিকিৎসা বিজ্ঞানৰ ভাষাত এব্ৰেচন( Abrasion ) বুলি কোৱা হয়।
এনে আঘাত সমূহৰ ওপৰত হোমিওপ্যেথি দৰৱ Calendula Q এটুকুৰা
কপাহেৰে এক সপ্তাহ বাহ্যিকভাৱে লগালে সুফল পোৱা যায় ।

৩) খেলাধূলাৰ মাজত পোৱা মাংসপেশীৰ আঘাত-

খেলাধূলা সমূহৰ মাজত খেলৱৈসকলৰ প্ৰায়ে মাংসপেশী টান মৰা দেখা যায়।এনেবোৰ আঘাতক ইংৰাজীত "Muscular Strain Injury" বুলি কোৱা হয়। ক্ৰিকেটাৰ,ফুটবলাৰ,দৌৰবিদ আৰু টেনিছ খেলৱৈসকলৰ মাজত প্ৰায়ে Hamstring Muscle Injury দেখা যায়।
এই মাংসপেশী টান খোৱা আঘাতসমূহৰ বাবে হোমিওপ্যেথিক দৰৱ
Rhustox একেবাৰে উত্তম, যিয়ে অতি সোনকালে এনেধৰণৰ আঘাত সমূহ নিৰাময় কৰিব পাৰে।

৪)ভৰি মোচকা খোৱা-

খেলৰ মাজত দৌৰাদৌৰি কৰোতে প্ৰায়ে ভৰি নাইবা হাত মোচকা খোৱা দেখা যায়। এনেকুৱা ধৰণৰ আঘাতত হোমিওপ্যেথি দৰৱ Ruta বা কেতিয়াবা Rhustox
দিয়া হয়।

এইদৰে হোমিওপ্যেথিক চিকিৎসা পদ্ধতি ক্ৰীড়া ক্ষেত্ৰতো সফলভাবে প্ৰয়োগ কৰি ভাল ফল লাভ কৰিব পাৰি।

উপৰত উল্লেখ কৰা হোমিওপ্যেথিক দৰৱসমূহ কোনোবা অভিজ্ঞ হোমিওপ্যেথিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰাটো ভাল।

লিখক-

ডা‌ঃ নয়নজ্যোতি হাজৰিকা

হোমিওপ্যেথিক আৰু যোগ চিকিৎসক,
নলবাৰী(অসম)
Phone- 6000672185
What's app- 9085859752
Email- nayanfz@gmail.com

ভৰিৰ গেঢ়ুৱাৰ বিষ আৰু হোমিওপ্যেথি:বয়সীয়াল লোকসকলৰ মাজত দেখা পোৱা এটা সমস্যা হৈছে ভৰিৰ গেঢ়ুৱাৰ বিষ । ইয়াক কেতিয়াবা যুৱক যু...
10/08/2020

ভৰিৰ গেঢ়ুৱাৰ বিষ আৰু হোমিওপ্যেথি:

বয়সীয়াল লোকসকলৰ মাজত দেখা পোৱা এটা সমস্যা হৈছে ভৰিৰ গেঢ়ুৱাৰ বিষ । ইয়াক কেতিয়াবা যুৱক যুৱতীসকলৰ মাজতো দেখা পোৱা যায়।

কাৰণ:
তিনি প্ৰকাৰৰ বিশেষ কাৰণৰ বাবে ভৰিৰ গেঢ়ুৱাৰ বিষ হোৱা দেখা যায়------

১) কেলকেনিয়েল স্পুৰু-

এই ৰোগবিধত ভৰিৰ গেঢ়ুৱাৰ তল ফালে অৱস্থিত Calcaneous নামৰ হাড় বিধৰ পৰা এটা সৰু বুট মাহ আকাৰৰ সৰু হাড়ৰ টুকুৰা অলপ বাঢ়ি আহে আৰু এই বাঢ়ি অহা হাড় টুকুৰা কাষত অৱস্থিত‍ মাংসপেশীত বাৰে বাৰে লাগি থকা বাবে ভৰিৰ গেঢ়ুৱাৰ বিষৰ অনুভৱ হয়।

২) প্লেনটাৰ ফেচাইটিছ (Plantar fasciitis)-------

প্লেনটাৰ ফেচিয়া(Plantar fascia) হৈছে ভৰিৰ তলৰ ফালে অৱস্থিত এবিধ সংযোজক কলা । শৰীৰৰ ওজন বৃদ্ধি হৈ ইয়াৰ ওপৰত পৰা হেঁচা ফলত,এই সংযোজক কলা বিধ কেতিয়াবা ফুলি উঠে,ফলস্বৰূপে ভৰিৰ গেঢ়ুৱাৰ বিষ হয়।

৩)শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে----------

শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে কেতিয়াবা ভৰিৰ গেঢ়ুৱাৰ বিষৰ সৃষ্টি হয়।

লক্ষণসমূহ :

১) সাধাৰণতে ভৰিৰ গেঢ়ুৱাৰ তলত বিষৰ অনুভৱ হয়।এই বিষ ৰাতিপুৱা শুই উঠাৰ পিছত প্ৰথমটো খোজ কাঢ়িবলৈ লোৱাৰ সময়ত বেছি হয়।

২) কেতিয়াবা ভৰিৰ গেঢ়ুৱাৰ চাৰিওফালে অলপ ফুলি উঠা দেখা যায়।

৩) সঠিক সময়ত সঠিক চিকিৎসা নকৰিলে পিছলৈ গোটেই দিনটো লৈ খোজকঢ়াৰ সময়ত অলপ অলপ কৈ বিষৰ অনুভৱ হৈ থাকে ।

হোমিওপ্যেথিক চিকিৎসা-----

ৰোগীজনৰ লক্ষণ অনুসৰি তলত দিয়া ঔষধসমূহ কোনো অভিজ্ঞ
হোমিওপ্যেথিক
চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহন কৰিব পাৰে -----
১) Colchicum 6 th,
২) Urtica Urens Q,
৩) Antim crudum 30,
৪) Rhustox 200,
৫) Bryonia Alba 200
৬)Calc flaur 6X

যোগাভ্যাস------

ঔষধ সেৱনৰ সমান্তৰালকৈ
তলত উল্লেখ কৰা যোগাসন সমূহ নিয়মিতভাৱে কৰি আৰোগ্য লাভ কৰিব পাৰে ----

১) পদমুদ্ৰা
২) বজ্ৰাসন
৩)উস্ত্ৰাসন
৪)পদহস্তাসন
৫) অনুলম বিলম

লিখক-
ডাঃ নয়নজ্যোতি হাজৰিকা

হোমিওপ্যেথিক আৰু যোগাসন চিকিৎসক,
নলবাৰী(অসম)
What's app- 9085859752
Phone-6000672185

11/07/2020
Spinal Affinity..
14/11/2019

Spinal Affinity..

Address

Nalbari
781370

Telephone

+916000672185

Website

Alerts

Be the first to know and let us send you an email when Dr.Nayanjyoti's Homoeopathic Heal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr.Nayanjyoti's Homoeopathic Heal:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram