31/05/2026
আজি ইংৰাজী ৩১/০৫/২০২৬ তাৰিখে লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, লখিমপুৰ কেন্সাৰ কেয়াৰ হস্পিটেলৰ চিকিৎসক, জে. বি. ফিটনেছ ক্লাব, লখিমপুৰৰ সভাপতি, সম্পাদক আৰু উপদেষ্টাসকলৰ উপস্থিতিত, লগতে উক্ত ক্লাবৰ বিভিন্ন সদস্য-সদস্যা আৰু অন্যান্য জিলাৰ পৰা দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিযোগীসকলৰ উপস্থিতিত বিশ্ব ধঁপাত বিৰোধী দিৱস ২০২৬ উদযাপন কৰা হয়।
উল্লেখ্য যে, জে. ডি. ফিটনেছ ক্লাব আৰু জিলা স্বাস্থ্য সমিতি, লখিমপুৰৰ যুটীয়া উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস ২০২৬ উপলক্ষে এখন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাৰ প্ৰাক্ ক্ষণত দিৱসটোৰ তাৎপৰ্য উপলক্ষে এখন মুকলি সভাৰ আয়োজন কৰা হয়।
সভাখনৰ আৰম্ভণিতে স্বাস্থ্য কৰ্মী শ্ৰীযুত পংকজ সভাপণ্ডিত আৰু শ্ৰীযুত বিকাশ দত্তই আঁত ধৰা সভাখনত স্বাস্থ্য কৰ্মী শ্ৰীমতী চুমি নায়ক দত্ত ডাঙৰীয়ানীয়ে সভাখনৰ উদ্দেশ্য বাখ্যা কৰে।
ইয়াৰ পিছত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগদীশ গোস্বামীদেৱে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ তাৎপৰ্য, ধঁপাতৰ অপকাৰিতা আৰু সুস্থ জীৱনশৈলীৰ বিষয়ে বিশদভাৱে বক্তব্য আগবঢ়ায়। লগতে বিশ্ব ধঁপাত বিৰোধী দিৱস ২০২৬ উপলক্ষে সকলোকে ধঁপাতমুক্ত সমাজ গঠনৰ শপত বাক্য পাঠ কৰায়।
গোস্বামীদেৱৰ বক্তৃতাৰ পিছত বিশিষ্ট সমাজকৰ্মী তথা জে. ডি. ফিটনেছ ক্লাবৰ উপদেষ্টা শ্ৰীযুত অজিত বুঢ়াগোহাঁই আৰু শ্ৰীযুত দেৱজিত মজুমদাৰদেৱে সুস্থ সমাজ গঠন, সুস্থ জীৱন প্ৰণালী আৰু সমাজত ধঁপাতৰ কুপ্ৰভাৱ সম্পৰ্কে উপস্থিত প্ৰতিযোগী আৰু ক্লাবৰ সদস্য-সদস্যাসকলৰ আগত বিস্তৃত আলোচনা আগবঢ়ায়।
সভাৰ অন্তিম পৰ্যায়ত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীযুত গুণেন্দ্ৰ ডেকাদেৱে উপস্থিত সকলোৰে আগত COTPA Act, 2003 ৰ বিষয়ে সংক্ষিপ্ত আভাস দাঙি ধৰে। । তদুপৰি তেওঁ দৌৰ প্ৰতিযোগিতা খনৰ শুভাৰম্ভ ঘোষণা কৰি সভাখনৰ সামৰণি মাৰে।
সভাখনত জে. ডি. ফিটনেছ ক্লাবৰ সভাপতি শ্ৰীযুত মানস প্ৰতিম মহন্ত, সম্পাদক শ্ৰীযুত জয়ন্ত দেউৰী, অন্যান্য সদস্য-সদস্যা আৰু স্বাস্থ্য কৰ্মী শ্ৰীযুত গিৰীশ গগৈ, শ্ৰীযুত জয়ন্ত টায়ে, শ্ৰীযুত জীৱন দলে আদিও উপস্থিত থাকে।
National Health Mission,Assam
DIPRO , Lakhimpur জনসংযোগ ,লখিমপুৰ
District Administration Lakhimpur
Directorate of Health Services - Family Welfare, Assam
Ministry of Health and Family Welfare, Government of India
Social Welfare Department Lakhimpur Assam
Lakhimpur Police