15/11/2024
পোন প্ৰথমে সকলো pharmacist সকলক নমস্কাৰ জনাইছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে, আমাৰ profession টোৰ লগত পূৰ্বৰে পৰাই কিছু কিছু মানুহে হেতালি খেলি আছে , উদাহৰনস্বৰূপে কৰবাত যদি কোনোবা এখন বজাৰত medicine বিক্ৰী কৰি আছে , কৰবাত কোনোবাই without Pharmacist pharmacy চলাই আছে,কৰবাত আকৌ কোনোবা এটা NGO ৰ নাম লৈ গাঁৱে গাঁৱে গৈ সাধাৰণ মানুহৰ পৰা লুণ্ঠন ৰাজ চলাই আছে । আৰু আজি বিয়লি প্ৰায় 4 মান বজাত স্থানীয় ৰাইজে আমাক অৰ্থাৎ ARPU, Lakhimpur ক জনায় যে বৰছলা নামৰ ঠাই এডোখৰত কোনোবা NGO এটাৰ নামত medicine prescribe কৰি বিক্ৰী কৰি আছে আৰু লগতে BP check কৰাৰ বাবত 50,100 টকা কৈ লৈ আছে , সেই হেতুকে আমি Assam Registered Pharmacist Union (ARPU) য়ে তাত গৈ উপস্থিত হৈছিলোঁ আৰু তেওঁলোকক সঁকীয়াই দিয়া হৈছে যাতে লখিমপুৰৰ কোনো অঞ্চলত এনেদৰে সৰ্ব সাধাৰণ মানুহৰ ওপৰত যাতে লুণ্ঠন ৰাজ নচলাই। # # আমি ARPU য়ে শেষৰ বাৰৰ বাবে এটা কথা স্পষ্ট কৰি দিছোঁ - আমাৰ profession ৰ মান মৰ্য্যদা লগতে আমাৰ স্বাভিমানক যদি কোনোবাই আঘাত সানিব বিচাৰে তাৰ প্ৰতিক্ৰিয়া কিন্তু ভয়াবহ হ'ব।