12/12/2025
কেৰিয়াৰৰ সকলোতকৈ দীঘলীয়া ইমপ্লাণ্ট কেছটো।বীৰ জোৱানজনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
প্ৰায় চাৰি বছৰ পূৰ্বে দূৰ্ঘটনাত পতিত হৈ তলৰ পাৰি দাঁতৰ সন্মূখৰ দাঁত ওলাই যোৱা অৱস্থা লৈ আমাৰ ওচৰলৈ এক ব্যক্তি আহে।ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰি আমি সেই স্থানত ইমপ্লান্টৰ সহায়ত দাঁত দুটা লগোৱাৰ বাবে পৰামৰ্শ আগবঢ়াও।সেই অনুসৰি ২০২১চনৰ মে মাহত ইমপ্লাণ্ট স্থাপন কৰা হয় যদিও পিছত ব্যক্তিগৰাকীৰ লগত আমাৰ যোগাযোগ বিছিন্ন হয়। প্ৰায় তিনিবছৰৰ মূৰত যোৱা চেপ্তেম্বৰ মাহত ব্যক্তিগৰাকীয়ে আমাৰ ক্লিনিকলৈ পুনৰ আহে।তেখেতৰ ভাষ্যৰ পৰা গম পালো যে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এইগৰাকী বীৰ জোৱান বিগত সময়ত শত্ৰুপক্ষৰ আক্ৰমণত গুৰতৰভাবে আহত হৈ শয্যাশায়ী হৈ আছিল।এতিয়া অৱস্থা উন্নত হোৱা বাবে আমাৰ ক্লিনিকলৈ আহিবলৈ সক্ষম হৈছে।পৰৱৰ্তী সময়ত আমি ইতিমধ্যে স্থাপন কৰা ইমপ্লান্টৰ ওপৰত কৃত্ৰিম দাঁত লগাই দিও।বীৰ জোৱান গৰাকীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলো।