State Veterinary Hospital, Phukan Nagar, Sivasagar

State Veterinary Hospital, Phukan Nagar, Sivasagar Veterinary Hospital

Behind a Successful Field C-Section Surgery of a Buffalo( ম'হৰ শৈল্য চিকিৎসাৰ দৃশ্য ।)In a remote area with no road acce...
01/01/2026

Behind a Successful Field C-Section Surgery of a Buffalo( ম'হৰ শৈল্য চিকিৎসাৰ দৃশ্য ।)
In a remote area with no road access, a pregnant buffalo went into severe distress. There was no time to wait. The veterinary team began a 10-kilometer journey on foot, carrying surgical instruments and medicines, crossing rough terrain and moving cautiously through an area surrounded by more than 120 wild buffaloes.
With no operation theater, no electricity, and only basic facilities, the team performed a field C-section surgery under open conditions. Every step required precision, calmness, and experience. The surgery was successful. The calf was delivered, and the mother buffalo survived.

Surgery Team
Dr.Prince Boro
Dr. Chayanika Das
Dr. Bedanta Phukan
Ratul Gogoi

01/01/2026

Behind a Successful Field C-Section Surgery of a Buffalo (ম'হৰ সফল শৈল্য চিকিৎসাৰ আঁৰৰ কাহিনী)

In a remote area with no road access, a pregnant buffalo went into severe distress.The veterinary team began a 10-kilometer journey on foot, carrying surgical instruments and medicines, crossing rough terrain and moving cautiously@@ through an area surrounded by more than 120 wild buffaloes. Videographic Representation.......

চিকিৎসকৰ দ'ল 
ডা:প্ৰিন্স বড়ো 
ডা: চয়নিকা দাস
ডা: বেদান্ত ফুকন
ৰাতুল গগৈ

Poxu Bondhu Assam
DC Sivasagar
Animal Husbandry and Veterinary Department, Assam
Krishnendu Paul

Do share
17/12/2025

Do share

11/12/2025

Krishi Darshan 10/12/2025Producer : B.K. Das

শিৱসাগৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া ডাঃ বীৰেণ দাস দেৱে পশুধনৰ চিকিৎসা অৱসৰৰ পিছতো অব্যাহ...
08/12/2025

শিৱসাগৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া ডাঃ বীৰেণ দাস দেৱে পশুধনৰ চিকিৎসা অৱসৰৰ পিছতো অব্যাহত ৰাখিছে।তেওঁৰ আবেগ, প্ৰতিশ্ৰুতি, আৰু ইচ্ছা পশুধনৰ জৰুৰীকালীন অৱস্থাৰ প্ৰতি সঁহাৰি জনাবলৈ—ডাঙৰ বা সৰু জীৱ-জন্তুৰ বাবে শৈল চিকিৎসা হওক—সঁচাকৈয়ে দেখুৱাই যে হৃদয়ৰ পৰা সেৱা আগবঢ়োৱাৰ অৰ্থ কি। বহুতে কৰ্তব্যৰ বাহিৰত নিজৰ সেৱা অব্যাহত ৰাখিব নোৱাৰে, সেয়েহে তেখেতৰ উদাহৰণে সকলোকে অনুপ্ৰাণিত কৰে l ধন্যৱাদ ডা: দাস, প্ৰকৃত সেৱা যে কেতিয়াও অৱসৰ নহয় সেই কথা প্ৰমাণ কৰাৰ বাবে।

আফ্ৰিকান ছোৱাইন ফিভাৰ মহামাৰী ৰোগৰ সময়ত হতাশগ্ৰস্থ নহয় গাহৰি সৰৱৰাহ বন্ধ থকা সময়চোৱাত গৰু,ছাগলী,কুকুৰা আৰু হাহঁ পালনৰ জৰ...
06/12/2025

আফ্ৰিকান ছোৱাইন ফিভাৰ মহামাৰী ৰোগৰ সময়ত হতাশগ্ৰস্থ নহয় গাহৰি সৰৱৰাহ বন্ধ থকা সময়চোৱাত গৰু,ছাগলী,কুকুৰা আৰু হাহঁ পালনৰ জৰিয়তে স্বাভলম্বী হোৱাৰ প্ৰশিক্ষণ আজি ৬/১২/২০২৫ তাৰিখে ন আলি তথা ওচৰৰ অঞ্চলৰ গাহৰি পালক আৰু নিৱনুৱা যুৱক যুৱতী,মহিলা সকলক দিয়া হয় । ৰাজ্যিক পশু চিকিৎসালয়, শিৱসাগৰত কৰ্মৰত পশু চিকিৎসা বিষয়া ডা: চয়নিকা দাসৰ নেতৃত্বত অনুস্থিত হোৱা প্ৰশিক্ষণ শিৱিৰৰ উদ্দেশ্য আছিল আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ সজাগতা আৰু এই ৰোগৰ প্ৰকোপত সৰ্বস্বান্ত হোৱা গাহৰি পালক সকলক গৰু,ছাগলী,কুকুৰা আৰু হাহঁ পালনৰ দ্বাৰা অন্য এক বাট দেখুৱাই জীৱন বাটত আগবঢ়াই নিয়া । ক্ষতিগ্ৰস্থ পালকসকলে কুকুৰা আৰু হাহঁ পালনৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত কেনেদৰে লাভৱান হব পাৰিব তাৰ বিষয়ে আলোচনা কৰে । ডা: দাসে ব্যাখ্যা কৰে যে এশ বছৰ পূৰনি আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ কোনো চিকিৎসা নাই । তেখেতে উল্লেখ কৰে যে ভিয়েটনামত বিশ্বৰ প্ৰথম আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰতিষেধক, AVAC ASF LIVE(বা ASFV-G-|177L) বাণিজ্যিকভাৱে ব্যৱহাৰৰ বাবে মুকলি কৰিছে যদিও ইয়াৰ কাৰ্যকাৰিতাৰ স্থিৰতাৰ বিষয়ে কিছু উদ্বেগ আছে কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছ ১৭৯ জিনৰ দ্বাৰা গঠিত । সেয়েহে অহা বছৰ এই ৰোগ নহয় বুলি কোনো দাঠিঁ কৱ নোৱাৰে। বৰ্তমান সময়ত আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ কৰা একমাত্ৰ উপায় হৈছে জৈৱ সুৰক্ষা আৰু সম্পূৰ্ন আৱদ্ধ পদ্ধতিত গাহৰি পালন কৰা । সমন্নয় খেতি আৰু পশু পালনৰ বিষয়ে কিছু কথা আলোচনা কৰে । ক্ষেত্ৰ সহায়ক পল্লৱী কোঁৱৰে পশুধনৰ প্ৰতিষেধকৰ বিষয়ে দুষাৰ দাঙি ধৰে । দলৰ অন্য সদস্য ক্ষেত্ৰ সহায়ক ৰশেশ্বৰ শইকীয়া আৰু মুনিন্দ্ৰ দাসে শিৱিৰ অনুস্থিত কৰাত সহযোগিতা কৰে । শিৱিৰৰ শেষত পশুধনৰ দৰৱ বিতৰণ কৰা হয় । বিশেষ ধন্যৱাদ ৰাজীৱ গগৈ দেৱক সভাত আগভাগ লোৱা বাবে ।

Krishnendu Paul
Poxu Bondhu Assam
Animal Husbandry and Veterinary Department, Assam
DC Sivasagar
CMO Assam

শীতৰ প্ৰভাতী ৰাতিপুৱা ক্ষেত্ৰ সহায়ক সকলে পশুধনৰ সুস্বাস্থ্য নিশ্চিত উদ্দেশ্যে কৰা কঠিন যাত্ৰা ।ৰাজ্যিক পশু চিকিৎসালয়, শ...
05/12/2025

শীতৰ প্ৰভাতী ৰাতিপুৱা ক্ষেত্ৰ সহায়ক সকলে পশুধনৰ সুস্বাস্থ্য নিশ্চিত উদ্দেশ্যে কৰা কঠিন যাত্ৰা ।
ৰাজ্যিক পশু চিকিৎসালয়, শিৱসাগৰৰ ক্ষেত্ৰ সহায়ক সকলে চবকা ৰোগৰ প্ৰতিষেধক পশুপালক সকলৰ ঘৰে ঘৰে গৈ দি আছে । চবকা ৰোগৰ প্ৰতিষেধক ৰাজ্যিক পশু চিকিৎসালয়, শিৱসাগৰৰ অন্তৰ্গত প্ৰতিখন গাওঁত বিনামূলীয়া ভাৱে দিয়া হৈ আছে ।
চবকা ৰোগৰ টিকাসমূহ সাধাৰণতে নিষ্ক্ৰিয় (inactivated) ৰূপত প্ৰস্তুত কৰা হয় আৰু ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ তাত তেল-ভিত্তিক এডজুভেণ্ট (oil-based adjuvant) ব্যৱহাৰ কৰা হয়। এই এডজুভেণ্টটোৱেই টিকাৰ পিছত কেতিয়াবা সৰু ধৰণৰ প্ৰতিক্ৰিয়া—যেনে বেজী দিয়া ঠাইত সামান্য ফুলা বা জ্বৰ—প্ৰধান কাৰণ হ’ব পাৰে।
ক্ষেত্ৰ সহায়ক সকলক চবকা ৰোগৰ প্ৰতিষেধক দিয়া কাৰ্য্যত সহায় সহযোগিতা কৰিবলৈ অনুৰোধ কৰা হ'ল ।

Poxu Bondhu Assam
Animal Husbandry and Veterinary Department, Assam

আজি 08/১২/২০২৫ তাৰিখে ৰাজ্যিক পশু চিকিৎসালয়, শিৱসাগৰ উদ্যোগত পশু পালন আৰু পশু চিকিৎসা বিভাগ, শিৱসাগৰৰ অধীনত পাটৰ চেতিয়া ...
04/12/2025

আজি 08/১২/২০২৫ তাৰিখে ৰাজ্যিক পশু চিকিৎসালয়, শিৱসাগৰ উদ্যোগত পশু পালন আৰু পশু চিকিৎসা বিভাগ, শিৱসাগৰৰ অধীনত পাটৰ চেতিয়া গাঁওত জলাতংক প্ৰতিষেধক শিবিৰ আয়োজন কৰা হয় । মুঠ ২৯ টা কুকুৰক আজিৰ দিনটোত প্ৰতিষেধক প্ৰদান কৰা হয়।

অন্য এখন কাৰ্যসূচী ১৯ নং জখিনি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা হয়। উক্ত অনুস্থানত শিশু সকলক জলাতংক ৰোগ সম্পৰ্কে সজাগতা প্রদান কৰা হয়।
কুকুৰে কামুৰিলে জলাতংক ৰোগত আক্ৰান্ত হোৱা সম্ভাৱনা থাকে । ইয়াৰ কোনো চিকিৎসা নাই ৷ এই ৰোগ অতিকৈ মাৰাত্মক ৷কুকুৰে কামুৰিলে আমি বিভিন্ন অন্ধবিশ্বাসত বশৱৰ্তী নহৈ, কুকুৰে কামুৰিলে প্ৰথম দিনা পৰাই আমি ভেকচিন ল'ব লাগে ৷ এই কাৰ্যসূচী সফল কৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষিকাসকলক অশেষ ধন্যবাদ । কাৰ্যসূচীৰ নেতৃত্ব দিছিল ডা. চয়নীকা দাস, পশু চিকিৎসা বিষয়া, লগতে আছিল ক্ষেত্ৰ সহায়ক ৰশেশ্বৰ শইকীয়া, ক্ষেত্ৰ সহায়ক মমিনা দাস, ক্ষেত্ৰ সহায়ক অধিৰাজ ভূঞা আৰু শ্বৰিফ আলি ।

বিশেষ ধন্যবাদ সহযোগিতাৰ বাবে পাতৰ চেতিয়া গাঁওৰ গাঁওবুঢ়া মাধুৰ্য্য চেতিয়া দেৱ, পশু সখী মীনাক্ষী দত্ত গগৈ,জীৱিকা সখী ৰীতামনি গগৈ আৰু কৃষি সখী জোনমণি গোহাঁই ।

Poxu Bondhu Assam
Animal Husbandry and Veterinary Department, Assam

২ ডিচেম্বৰ, ২০২৫ তাৰিখে শিৱসাগৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনত চবকা ৰোগৰ সজাগতা সভা আৰু পশু দৰৱ বিতৰণ শিবিৰ জোলা গাঁও, শি...
02/12/2025

২ ডিচেম্বৰ, ২০২৫ তাৰিখে শিৱসাগৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনত চবকা ৰোগৰ সজাগতা সভা আৰু পশু দৰৱ বিতৰণ শিবিৰ জোলা গাঁও, শিৱসাগৰত আয়োজন কৰা হয়। পশুসখী পম্পী দত্তৰ তত্ত্বাধানত অনুস্থিত চবকা ৰোগ সজাগতা সভাত ডা° চয়নিকা দাস,পশু চিকিৎসা বিষয়া মূখ্য প্ৰৱক্তা হিচাপে উপস্থিত থকাৰ লগতে ৰশেশ্বৰ শইকীয়া (ক্ষেত্ৰ সহায়ক), পল্লৱী কোঁৱৰ (ক্ষেত্ৰ সহায়ক), মুনীন্দ্ৰ দাসে তাৎপৰ্য্যপূৰ্ণ ভূমিকা পালন কৰে।

Poxu Bondhu Assam
Animal Husbandry and Veterinary Department, Assam
DC Sivasagar

গাওেঁ গাওেঁ জলাতংক ৰোগৰ সজাগতা ২/১২/২০২৫ তাৰিখে ৰাজ্যিক পশু চিকিৎসালয়, শিৱসাগৰৰ অধীনত  ডা° চয়নিকা দাস(পশু চিকিৎসা বিষয়া ...
02/12/2025

গাওেঁ গাওেঁ জলাতংক ৰোগৰ সজাগতা

২/১২/২০২৫ তাৰিখে ৰাজ্যিক পশু চিকিৎসালয়, শিৱসাগৰৰ অধীনত ডা° চয়নিকা দাস(পশু চিকিৎসা বিষয়া ) নেতৃত্বাধীন দল ৰশেশ্বৰ শইকীয়া (ক্ষেত্ৰ সহায়ক), পল্লৱী কোঁৱৰ (ক্ষেত্ৰ সহায়ক) আৰু মুনীন্দ্ৰ দাসৰ দ্বাৰা জোলা গাঁও, শিৱসাগৰত জলাতংক ৰোগৰ সজাগতা সভাৰ লগতে বিনামূলীয়া জলাতংক ৰোগৰ প্ৰতিষেধক আৰু কৃমি দৰৱ বিতৰণ শিবিৰ আয়োজন কৰা হয়। সভাখন পশুসখী পম্পী দত্ত আৰু জীৱ প্ৰেমী প্ৰণামী দত্তৰ সহায়ত অনুস্থিত কৰা হয় ।

এই শিবিৰত বহু লোকে প্ৰথমবাৰলৈ জলাতংক ৰোগৰ প্ৰতিষেধক বিষয়ে জ্ঞাত হয়। ডা: দাসে কুকুৰ মেকুৰীৰ লগতে পি.ই.পি প্ৰতিষেধকৰ সময়সূচী স্পষ্টভাৱে বুজাই দিয়ে আৰু উল্লেখ কৰে যে জলাতংক ৰোগৰ কোনো চিকিৎসা নাই — ৰোগৰ প্ৰতিৰোধ কৰিবলৈ সময়মতে প্ৰতিষেধক লোৱাহে একমাত্ৰ উপায়। লোকসমাজত থকা বিভিন্ন অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণা দূৰ কৰিবলৈ চেষ্টা কৰে আৰু অন্ধবিশ্বাস বিশ্বাস নকৰিবলৈ আহ্বান জনায়।
শিবিৰখনত মুঠ ২৯টা কুকুৰক প্ৰতিষেধক দিয়া হয়, যাৰ ফলত গাঁওখনে বিশেষভাবে লাভৱান হয়।

Poxu Bondhu Assam
Animal Husbandry and Veterinary Department, Assam
Krishnendu Paul
DC Sivasagar
CMO Assam

৩০ নৱেম্বৰ, ২০২৫ তাৰিখে শিৱসাগৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনত চবকা ৰোগৰ সজাগতা সভা আৰু পশু স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়।...
30/11/2025

৩০ নৱেম্বৰ, ২০২৫ তাৰিখে শিৱসাগৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনত চবকা ৰোগৰ সজাগতা সভা আৰু পশু স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিৱসাগৰৰ পশু চিকিৎসা বিষয়া ডাঃ চয়নিকা দাসে চবকা ৰোগ (Foot and Mouth Disease – FMD) ৰ টিকাৰ গুৰুত্ব বিষয়ে বিস্তৃত ভাষণ দিয়ে। ডা: দাসে বাখ্যা কৰে যে চবকা ৰোগৰ টিকাসমূহ সাধাৰণতে নিষ্ক্ৰিয় (inactivated) ৰূপত প্ৰস্তুত কৰা হয় আৰু ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ তাত তেল-ভিত্তিক এডজুভেণ্ট (oil-based adjuvant) ব্যৱহাৰ কৰা হয়। এই এডজুভেণ্টটোৱেই টিকাৰ পিছত কেতিয়াবা সৰু ধৰণৰ প্ৰতিক্ৰিয়া—যেনে বেজী দিয়া ঠাইত সামান্য ফুলা বা জ্বৰ—প্ৰধান কাৰণ হ’ব পাৰে। আজিৰ সভাত অধিৰাজ ভূঞা, ক্ষেত্ৰ সহায়ক, শৰিফ আলী আৰু অচিন্ত বৰাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

চবকা ৰোগৰ লগতে জলাতংক ৰোগ (Rabies) ৰ বিষয়ে আলোচনা কৰে, যি জন্তু আৰু মানুহ উভয়ৰ বাবে অত্যন্ত বিপদজ্জনক । এই ৰোগত মৃত্যু ১০০ শতাংশ । সময়মতে টিকা ল’লে জীৱন ৰক্ষা কৰিব পাৰি। 

Poxu Bondhu Assam
Animal Husbandry and Veterinary Department, Assam
DC Sivasagar

29/11/2025

Address

Phukank Nagar
Sibsagar
785640

Opening Hours

Monday 7am - 1pm
Tuesday 7am - 1pm
Wednesday 7am - 1pm
Thursday 7am - 1pm
Friday 7am - 1pm
Saturday 7am - 1pm
Sunday 7am - 12pm

Website

Alerts

Be the first to know and let us send you an email when State Veterinary Hospital, Phukan Nagar, Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category