SR Medical Namti

SR Medical Namti A complete medical store for all type of branded medicines, Cosmetic goods, Surgical iteam, DOCTOR's

Limited patients only..
11/11/2022

Limited patients only..

31/10/2022
From 24th October-
14/10/2022

From 24th October-

26/03/2022

বয়স আৰু ব্লাড-প্ৰেছাৰ…

বয়স বঢ়াৰ লগে লগে শৰীৰৰ কিছু অঙ্গৰ কৰ্ম-ক্ষমতা কমে যদিও সৰহভাগ মানুহৰে মগজুৱে সুন্দৰ ভাবে কাম কৰি যায়। বাজপায়ীজী আদৱানীজী আদি ব্যক্তিৰ ক্ষেত্ৰত দেখিছোঁ তেওঁলোকৰ মগজুৱে জ্যেষ্ঠ নাগৰিক হোৱাৰ পাছতো অতি সক্ষম ভাবে কাম কৰা। কেইদিনমানৰ আগতে টি.ভি.ৰ এটা অনুষ্ঠানত আমাৰ শ্ৰদ্ধেয়া লক্ষহীৰা দাস বাইদেউকো দেখিলোঁ, আশী পাৰ হোৱাৰ পাছতো মন শৰীৰ আৰু মগজু ইমান সুন্দৰ হৈ আছে। বাইদেউ দীৰ্ঘজীৱি হওক।

বয়সস্থ লোকৰ বাবে এটা ভয়লগা ৰোগ হৈছে মগজুৰ ৰক্তক্ষৰণ (Brain-strokes)। বহুতৰে ক্ষেত্ৰত ই মৃত্যুৰ কাৰণ হৈ পৰে, অথবা দীৰ্ঘদিনৰ বাবে বিছনাত পৰি থাকিবলগীয়া হয়। পৰিয়ালৰ লোকে এনে ৰোগীৰ বাবে অশেষ কষ্ট কৰিবলগীয়া হয় আৰু আৰ্থিক ভাবেও অসুবিধাৰ সন্মুখীন হয়।

মগজুৰ ৰক্তক্ষৰণৰ প্ৰধান পাঁচটা কাৰণ হৈছে-

১) উচ্চ ৰক্তচাপ (high blood pressure)
২) কমকৈ ফল-মূল আদি খোৱা
৩) বায়ু প্ৰদূষণ
৪) কমকৈ শাক-পাচলি আদি খোৱা, আৰু
৫) সৰহকৈ নিমখ (লোণ) খোৱা।

সেইবাবেই নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা যিকোনো বয়সৰ মানুহে কৰাই থাকিব লাগে কিয়নো উচ্চ ৰক্তচাপ ৰোগ আৰু মগজুৰ ৰক্তক্ষৰণ কমবয়সীয়া লোকৰ ক্ষেত্ৰতো ঘটিব পাৰে।

বহুতৰে ভ্ৰান্ত ধাৰণা যে এবাৰ উচ্চ ৰক্তচাপ ৰোগৰ বাবে ঔষধ খাবলৈ আৰম্ভ কৰিলে ওৰেটো জীৱন ঔষধ খাই থাকিব লাগিব। উচ্চ ৰক্তচাপ বহুক্ষেত্ৰত ২,৩,৪ আৰু ৫ নম্বৰত উল্লেখ কৰা কাৰণসমূহৰ বাবে উপযুক্ত ব্যৱস্থা ল’লে কমি যায় আৰু পৰৱৰ্তী সময়ত ঔষধ নোখোৱাকৈয়ো জীৱন অতিবাহিত কৰিব পাৰি।

আৰু এটা কথা; সামান্য এটা ঔষধ খাই যদি উচ্চ ৰক্তচাপ ৰোগৰ পৰা বাচি থাকিব পাৰি আৰু মগজুৰ ৰক্তক্ষৰণ (Brain-strokes) হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি, তেনেহলে ঔষধ খোৱাই শ্ৰেয়।

আমাৰ শিক্ষাগুৰু বিশিষ্ট চিকিৎসক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত নৰেন্দ্ৰ নাথ বৰ্মনছাৰে আমাক প্ৰায়েই কৈছিল- বুজিছা, ব্লাড-প্ৰেছাৰ এটা সহজ ৰোগ; আমি অৰ্দ্ধশতাব্দীৰো সৰহকাল ৰোগীক চিকিৎসা কৰি আহিছোঁ। তিনিটা মূল কথা- সময়মতে ঔষধ খাব লাগে; জীৱন-শৈলী (life style) সলনি কৰিব লাগে আৰু খাব নলগীয়া খাদ্য বৰ্জন কৰিব লাগে।

সকলোৱে কুশলে থাকক; দীৰ্ঘায়ু হওক।

শুভেচ্ছাৰে…
-ডঃ প্ৰফুল্ল ডেকা ২৪ মাৰ্চ ২০২২

০০০০

।। ২১:১৬:২৮ ।। ২৪.৩.২২ ।। ৭৫/২০২২ ।।

28/02/2022

প্ৰস্ৰাৱৰ সংক্ৰমণ. ডাঃ হেমন্ত কুমাৰ নাথ

• প্ৰস্ৰাৱৰ সংক্ৰমণ হ’লে কেনেকৈ বুজিম...

• লক্ষণসমূহ –

ক) প্ৰস্ৰাৱৰ জ্বলনৰ লগতে ঘনাই খুব জোৰেৰে প্ৰস্ৰাৱ লগা।
খ) কম পৰিমাণে কষ্টযুক্ত প্ৰস্ৰাৱ হোৱা।
গ) তলপেটত বিষ অনুভৱ কৰা।
ঘ) ঘোলা, তেজযুক্ত বা উগ্ৰ গোন্ধযুক্ত প্ৰস্ৰাৱ হোৱা।
ঙ) হঠাতে মাজে মাজে খুব ঠাণ্ডা অনুভৱ কৰা।
চ) ঠাণ্ডা লাগি কঁপি কঁপি তীব্ৰ জ্বৰ হোৱা।
ছ) গাৰ বিষ হোৱা বা বমি বমি লগা।
জ) কঁকালৰ বিষ অনুভৱ কৰা।

ভয়াৱহতা –

১) যদি প্ৰাথমিক অৱস্থাত উপযুক্ত চিকিৎসা কৰা নহয় তেন্তে প্ৰস্ৰাৱৰ নলীৰ পৰা বীজাণু মূত্ৰথলীয়েদি মূত্ৰবাহী নলীত প্ৰৱেশ কৰিব পাৰে আৰু ই দুই বৃক্কৰ সংক্ৰমণ ঘটাই পায়েল’নেফ্ৰাইটিছ ৰোগ উৎপন্ন কৰিব পাৰে বা বৃক্ক অকামিলা হৈ যাব পাৰে। অন্যথা মূত্ৰথলীৰ সংক্ৰমণ (ছিচ্টাইটিছ), প্ৰস্ৰাৱদ্বাৰৰ সংক্ৰমণ (ইউৰেথ্ৰাইটিছ) আদিৰ পুনঃসংক্ৰমণ ঘটাব পাৰে।
২) মহিলাৰ প্ৰস্ৰাৱদ্বাৰ চুটি আৰু মলদ্বাৰৰ ওচৰত হোৱা বাবে মলদ্বাৰৰ পৰা বীজাণু সহজে প্ৰস্ৰাৱদ্বাৰেদি প্ৰৱেশ কৰি সংক্ৰমণ ঘটাব পাৰে বাবে প্ৰায় ৫০ শতাংশ মহিলাৰ পুনঃসংক্ৰমণ হয়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ভয়াৱহতা অতি বেছি।
৩) কিছুমানৰ হঠাতে খুব বেছিকৈ হোৱা প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত তেজত বীজাণুৰ প্ৰৱেশ ঘটাই অতিপাত বৃদ্ধিৰ ফলত ছেপ্টিছেমিয়া নামৰ এক প্ৰাণঘাতী অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা নিজকে কেনেদৰে বচাই ৰাখিব পাৰি –

• পুৰুষৰ ক্ষেত্ৰত –

১) দিনত যথেষ্ট পৰিমাণে জলীয় দ্ৰৱৰ লগতে পানী খাওক যাতে প্ৰস্ৰাৱৰ ৰং ফটফটীয়া পানীৰ নিচিনা হৈ থাকে। গৰমৰ দিনত কুহুমীয়া গৰম পানী বেছিকৈ খাওক।
২) কেতিয়াও মূত্ৰথলীত বহু দেৰিলৈকে প্ৰস্ৰাৱ ধৰি ৰাখিব নালাগে। প্ৰস্ৰাৱ নালাগিলেও অন্ততঃ চাৰিঘণ্টাৰ মূৰে মূৰে হ’লেও প্ৰস্ৰাৱ কৰিব লাগে।
৩) দিনত অন্ততঃ দুই-তিনিবাৰ মুত্ৰদ্বাৰৰ লগতে মলদ্বাৰ ভাল পানীৰে ধুব লাগে।
৪) শৌচ কৰি মলদ্বাৰ ধোওতে হাতখন সন্মুখৰ ফালে নাটানি ইফালে-সিফালে লৰাই ধুব লাগে আৰু লগে লগে মচি শুকুৱাব লাগে।
৫) পুৰুষৰ অন্তৰ্বাস সদায় বতাহ সোমাব পৰা কপাহী কাপোৰৰ হ’ব লাগে আৰু সদায় ভালদৰে ধুব লাগে। ঘাম লগা কাপোৰ নোধোৱাকৈ পুনৰ পিন্ধিব নালাগে।
৬) যৌন সম্ভোগৰ পিছত লগে লগে প্ৰস্ৰাৱ কৰিব লাগে, যৌনাংগ ভালদৰে ধুব লাগে আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে।
৭) পুনঃসংক্ৰমণ হোৱাসকলে অন্তৰ্বাস সদায় ধুই অতি কমেও ২০ মিনিট মান পানীত উতলাই বীজাণুমুক্ত কৰিব লাগে।
৮) ৰক্ত শৰ্কৰাৰ পৰীক্ষা কৰাই প্ৰয়োজনত উপযুক্ত চিকিৎসা কৰোৱাব লাগে।
৯) ষ্টেৰয়ড বা আন প্ৰতিৰোধ-ক্ষমতাৰোধী দৰব সেৱন কৰাসকলে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে।
১০) এলাৰ্জীৰ ঔষধ খোৱাসকলৰ প্ৰস্ৰাৱৰ উৎপাদন কম হয় বাবে সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে পানী বেছিকৈ খাব লাগে।
১১) বহুগামিতা বা অসুৰক্ষিত যৌন সম্ভোগৰ পৰা দূৰত থাকিব লাগে।
১২) উতলাই নোলোৱা গাখীৰ, আধা সিজা মাংস, ভালদৰে নোধোৱা কেঁচা ফল-মূল, শাক-পাচলি, দূষিত পানী আদিৰ পৰা ইচ্ছেৰীয়া কলাই (E. Choli) বেক্টেৰীয়াৰ সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে সাৱধান হ’ব লাগে।
১৩) শৌচ কৰাৰ পাছত আৰু খোৱাৰ আগত সদায় ভালদৰে চাবোনেৰে হাত ধুব লাগে।

• মহিলাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা –

১) প্ৰতিবাৰ প্ৰস্ৰাৱ আৰু পাইখানা কৰোতে প্ৰস্ৰাৱদ্বাৰ ধুব লাগে।
২) ধোওতে বা মচোতে হাতখন সন্মুখৰ পৰা পিছফাললৈ টানিব লাগে আৰু সন্মুখৰ পৰা পানী ঢালিব লাগে।
৩) সহবাসৰ লগে লগে প্ৰস্ৰাৱ কৰিব লাগে।
৪) মহিলাসকলে বিশেষভাৱে যৌন উত্তেজনা বৃদ্ধিৰ বাবে ব্যৱহৃত ক্ৰীম, জেলী আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।
৫) জন্ম নিয়ন্ত্ৰণ-পদ্ধতিৰ পৰিৱৰ্তন কৰিব লাগে। পৰাপক্ষত ডায়েফ্ৰাম, শুক্ৰনাশক জেলী আদি ব্যৱহাৰ কৰিব নালাগে।
৬) নদীত বা পুখুৰীত সাঁতোৰাতকৈ পানী ঢালি গা ধুব লাগে বা টাব-বাথ কৰিব লাগে।
৭) মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত প্ৰস্ৰাৱদ্বাৰ শুকান কৰি ৰাখিব পৰাকৈ টেমপন্ ব্যৱহাৰ কৰিব লাগে। অৱশ্যে আজিকালি নেপকিন্ বা ছেনিটাৰী পেড্ বজাৰত উপলব্ধ, গতিকে তেনে পেড্ ব্যৱহাৰ কৰিব পাৰে যদিও সঘনাই সলাই থাকিব লাগে।
৮) কেতিয়াও বাযু সোমাব নোৱাৰা বা সংশ্লেষিক কাপোৰৰ অন্তৰ্বাস পৰিধান কৰিব নালাগে।
৯) গৰ্ভৱতী মহিলাৰ গৰ্ভৱস্থাৰ সময়ত মূত্ৰথলী ঢিলা বা শিথিল হৈ থাকে বাবে প্ৰস্ৰাৱ বহু দেৰিলৈ জমা হৈ থাকে, যাৰ ফলত সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে সঘনাই প্ৰস্ৰাৱ কৰি থকাটো ভাল, লগতে যোনিদ্বাৰৰ পৰিচ্ছন্নতা বজাই ৰখাটো অত্যন্ত দৰকাৰী।

বাকী আগৰ পুৰুষৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ ১, ২, ৬, ৭, ৮, ৯, ১০, ১১, ১২, ১৩ আদি নম্বৰৰ উল্লেখিত কথাখিনিও মহিলাসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য।

• কেঁচুৱাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা –

১) কেঁচুৱাই কাপোৰতে পাইখানা বা প্ৰস্ৰাৱ কৰিলে লগে লগে কাপোৰ সলনি কৰিব লাগে।
২) বহু দেৰিলৈ বা শোষণ ক্ষমতা অতিক্ৰম হোৱাকৈ ডায়েপাৰ (পানী-কাপোৰ) পিন্ধাব নালাগে, কাৰণ ডায়েপাৰৰ আৰ্দ্ৰতা আৰু উষ্ণতাই বেক্টেৰীয়াৰ বৃদ্ধি কৰে।
৩) প্ৰতিবাৰ পাইখানা বা প্ৰস্ৰাৱ কৰাৰ পাছত পানীৰ সৈতে উতলাই ঠাণ্ডা কৰি লোৱা ভিজা তুলা বা কোমল কাপোৰেৰে প্ৰস্ৰাৱদ্বাৰৰ পৰা মলদ্বাৰলৈকে মচিব লাগে। এনে কৰোতে প্ৰতিবাৰে এটুকুৰা নতুন কাপোৰ বা তুলা ল’ব লাগে। অৱশ্যে আজিকালি এলক’হ’ল যুক্ত ৱাইপচ্ বজাৰত সহজলভ্য, এইক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।
৪) প্ৰস্ৰাৱ আৰু মলদ্বাৰৰ অংশখিনি সদায় পৰিচ্ছন্ন কৈ শুকান কৰি ৰাখিব লাগে।
৫) কেঁচুৱাৰ কাপোৰ সদায় কপাহী কাপোৰৰ হ’ব লাগে আৰু পানীত ২০ মিনিটলৈ উতলাই বীজাণুমুক্ত কৰিব লাগে।
৬) শিশুক যথেষ্ট পৰিমাণে জলীয় দ্ৰব্য খুৱাই থাকিব লাগে যাতে শিশুৱে ঘনাই প্ৰস্ৰাৱ কৰে আৰু লগতে প্ৰস্ৰাৱ কৰিবলৈ উদ্দীপনা যোগাব লাগে।
৭) শিশুৰ যাতে কোষ্ঠকাঠিন্য নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগে বা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
৮) টাবত বা চৰিয়াত বহুৱাই গা ধুৱাব নালাগে।
৯) চুন্নতকৰণ নকৰা কিশোৰৰ ক্ষেত্ৰত বেক্টেৰীয়াৰ সংক্ৰমণ হোৱাৰ ভয় বেছি থাকে কাৰণে সদায় প্ৰস্ৰাৱনলীৰ মূৰৰ ছালখন কোঁচাই লৈ চাফা কৰি শুকান কৰি ৰাখিব লাগে।
১০) সঘনাই অসুখত ভুগি থকা কেঁচুৱাক চিকিৎসকৰ পৰামৰ্শ অনুসাৰে প্ৰতিৰোধ-ক্ষমতা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে পৰ্যাপ্ত সুষম পুষ্টিকৰ আহাৰ পাই আছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিব লাগে।

• ঘনাই প্ৰস্ৰাৱ হোৱা বা মূত্ৰথলীৰ অতিকাৰ্যতা হ’লে কেনেকৈ পৰিত্ৰাণ পাব পাৰি –

কেতিয়াবা প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত বা গৰ্ভাৱস্থা বা অন্যান্য কাৰণত মূত্ৰথলীৰ মাংসপেশীৰ দুৰ্বলতাৰ কাৰণে প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা হয়, যাৰ ফলত কেতিয়াবা ঘনে ঘনে বা কেতিয়াবা অজানিতে, জোৰকৈ হাঁহিলে, কাঁহিলে অথবা হাঁচিয়ালেও প্ৰস্ৰাৱ ওলাই যায়। এনেক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা কৰোৱাৰ পাছতো কেতিয়াবা সুফল পোৱা নাযায়। তেতিয়া ...?

এটাই উত্তৰ – কেগেল ব্যায়াম (Kegel Exercise)।

প্ৰথমতে আপুনি প্ৰস্ৰাৱ কৰি থাকোতে মাজতে এবাৰ প্ৰস্ৰাৱ ওলোৱা বন্ধ কৰি দিয়ক আৰু মন কৰক কোন কেইটা মাংসপেশীৰ সংকোচন হ’ল। ঠিক ধৰিব নোৱাৰিলে আৰু এবাৰ কৰি ভালদৰে বুজি লওঁক। এতিয়া প্ৰস্ৰাৱ কৰি মূত্ৰথলী সম্পূৰ্ণ খালী কৰাৰ পাছত এই মাংসপেশীখিনি ঠিক তেনেদৰে সংকুচিত কৰাৰ চেষ্টা কৰক। এয়ে কেগেল ব্যায়াম।
মন কৰিব, যাতে এই ব্যায়াম কৰোতে কেতিয়াও তপিনাৰ মাংসপেশী, পেটৰ মাংসপেশী আৰু উৰুৰ মাংসপেশীৰ সংকোচন নহয়, লাগিলে আপুনি প্ৰথমতে কেইদিনমান পিঠিয়াকৈ শুই, পেটটো ওপৰফালে ৰাখি ভৰি দুখন পেটলৈ বুলি কোঁচাই লৈ ড্ৰেছিং আইনাত চাই চাই এই ব্যায়াম কৰক আৰু ব্যায়াম কৰোতে তপিনাৰ মাংসপেশীৰ লৰচৰ হৈছে নেকি চাওঁক। যদি লৰচৰ হোৱা নাই তেন্তে ব্যায়াম সঠিকভাৱে হৈছে। তেনেকৈ পেটত হাত এখন ৰাখি পেটৰ ভিতৰত মাংসপেশীৰ লৰচৰ হয় নেকি চাওঁক। যদি কিবা লৰচৰ কৰা যেন লাগে তেন্তে সঠিক ব্যায়াম হোৱা নাই। উৰুৰ মাংসপেশীৰ সংকোচন নোহোৱাকৈ যদি ব্যায়ামটো কৰিব পাৰিছে তেনেহ’লেহে ই সঠিক কেগেল ব্যায়াম।

নিয়ম – প্ৰথম অৱস্থাত এবাৰ সংকোচন কৰি পাঁচ ছেকেণ্ড ধৰি ৰাখি এৰি দিয়ক আৰু পাঁচ ছেকেণ্ডৰ পাছত পুনৰাবৃত্তি কৰক। এনেদৰে একেৰাহে চাৰি-পাঁচবাৰ কৰিব। দুই-তিনিদিন এনেদৰে কৰাৰ পাছত ১০ ছেকেণ্ডৰ বাবে সংকোচন কৰি ১০ ছেকেণ্ডৰ অন্তৰালত একেৰাহে চাৰি-পাঁচবাৰ পুনৰাবৃত্তি কৰি এদিনত কমেও তিনিবাৰকৈ তিনিৰ পৰা ছয় সপ্তাহলৈ এই ব্যায়াম কৰিলেহে সুফল পোৱা যায়।

গৰ্ভৱতী মহিলাসকলেও এই ব্যায়াম কৰিলে পিছলৈ ঘনাই প্ৰস্ৰাৱ হোৱা সমস্যাৰ পৰা বাচিব পাৰে।

বিঃ দ্ৰঃ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ লওঁক। তথাপি ভুল নকৰিব। কেতিয়াও মূত্ৰথলীত প্ৰস্ৰাৱ জমা থকা অৱস্থাত এই ব্যায়াম নকৰিব, কাৰণ তেনে ক্ষেত্ৰত এই ব্যায়ামে মূত্ৰথলীৰ মাংসপেশীৰ শিথিলতা আনিব পাৰে আৰু আপোনাৰ সমস্যা বাঢ়ি যাব পাৰে।

25/02/2022

মধুমেহ বা বহুমুত্ৰ ৰোগৰ বিষয়ে আলোচনা। ডাঃ ভূপেন শইকীয়া

মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে ভাৰতবৰ্ষৰ চিকিৎসকসকল বহু আগৰে পৰা অৱগত আছিল বুলি জনা যায়। প্ৰস্ৰাৱত মধু বা মিঠা পদাৰ্থ নিৰ্গত হোৱাত আৰু সেই প্ৰস্ৰাৱত পৰুৱা জাতীয় কীটৰ আগমণেই ৰোগৰ প্ৰাৰম্ভিক পৰিচয় আৰু ‘মধুমেহ’ নামাকৰণৰ কাৰক হৈ পৰে। ডায়েবেটিছ ৰোগীৰ সংখ্যা বৰ্তমান সমগ্ৰ বিশ্বত ১৫০ নিযুত (মিলিয়ন)। বৰ্তমান ভাৰতবৰ্ষত এই ৰোগীৰ সংখ্যা ৬৭ নিযুত। ইয়াৰ লগত ৩০ নিযুত প্ৰি-ডায়েবেটিক লোকৰ সংখ্যাকো ওলাই কৰিব নোৱাৰি। ২০৩০ চনত ভাৰতবৰ্ষ বিশ্বৰ ডায়েবেটিছৰ ৰাজধানী হৈ উঠিব বুলি আশংকা কৰা হৈছে। কেৱল তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধিতেই ডায়েবেটিছ সীমাবদ্ধ বুলি ভাৱিলে ভুল হ’ব কাৰণ এই ৰোগ কিডনী, হৃদযন্ত্ৰ, চকুৰ ৰেটিনা, স্নায়ুতন্ত্ৰ আদিৰ গুৰুতৰ বিসংগতি কৰাৰ উপৰি ডায়েবেটিক ক’মালৈ নি ৰোগীৰ প্ৰাণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। আজিৰ আলোচনাত থূলমূলকৈ বহুমূত্ৰ বা ডায়েবেটিছ ৰোগৰ কাৰণ, প্ৰকাৰ, লক্ষণসমূহ, ল’বলগীয়া সতৰ্কতা আৰু খাদ্যৰ বিষয়ে দু-আষাৰ চৰ্চা কৰিম। এইখিনিতে একাষাৰ পশু বিজ্ঞানীসকলৰ মতে কুকুৰ আৰু মেকুৰীৰো বহুমূত্ৰ ৰোগ হয়।
মানৱ শৰীৰৰ পেটৰ (Abdomen) ভিতৰত অৱস্থিত পেনক্ৰিয়াজ নামৰ গ্ৰন্থিয়ে কেইবাবিধো হৰম’ন নিৰ্গত কৰে। সেইবিলাকৰ ভিতৰত আইলেটচ অৱ লেংগাৰহেনৰ বিটা চেলৰ পৰা ওলোৱা ইনছুলিন নামৰ হৰম’নে আমাৰ তেজৰ ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখে। যদি পেনক্ৰিয়াজ গ্ৰন্থিৰ পৰা যথেষ্ট পৰিমাণৰ ইনছুলিন নোলায় নাইবা শৰীৰৰ কোষবিলাকত ইনছুলিনৰ প্ৰভাৱ কমি যায়, তেতিয়া মানৱ দেহৰ তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধি পাই যাৰ ফলত ৰোগৰ লক্ষণসমূহে দেখা দিয়ে। ঘাইকৈ বেছি প্ৰস্ৰাৱ লগা, বেছি পিয়াহ লগা আৰু ভোক বেছিকৈ লগা- এই তিনিটা বহুমূত্ৰ ৰোগৰ প্ৰমুখ্য লক্ষণ।
ঘাইকৈ ডায়েবেটিছ তিনি প্ৰকাৰৰ। পেনক্ৰিয়াজ গ্ৰন্থিয়ে ইনছুলিন উৎপাদন কৰাত ব্যৰ্থ হ’লে টাইপ-১ বা ইনছুলিন নিৰ্ভৰশীল ডায়েবেটিছ হয়। সাধাৰণতে কিশোৰ অৱস্থাতে এই ৰোগ ধৰা পৰে বাবে ইয়াক জুভেনাইল ডায়েবেটিছ আখ্যা দিয়া হয়। বিজ্ঞানীসকলে অনুমান কৰা মতে ভাইৰাছ (যেনে কস্কেকি বি-৪) বা কোনো বিষাক্ত পদাৰ্থ (টক্সিন) নাইবা অট’ইমিউন ডিজিজৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত পেনক্ৰিয়াজ গ্ৰন্থিৰ অহিত হোৱাৰ ফলত ইনছুলিন উৎপাদন বিঘ্নিত হয়। সাধাৰণ অৱস্থাত ইনছুলিন হৰম’নে শৰীৰৰ গ্লু’কোজক শক্তিলৈ ৰূপান্তৰ কৰি কোষক যোগান ধৰে। এতিয়া ইনছুলিন উৎপাদন বিঘ্নিত হোৱাত তেজত গ্লুকোজ বা ছুগাৰৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগৰ লক্ষণসমূহ পৰিস্ফুট হ’বলৈ ধৰে।
প্ৰাপ্তবয়স্কৰ (সাধাৰণতে ৪০ বছৰৰ অধিক বয়সৰ) হোৱা টাইপ-২ ডায়েবেটিছৰ বা ইনছুলিন অনিৰ্ভৰশীল ডায়েবেটিছ- ইনছুলিনৰ কোষসমূহৰ ওপৰত কাৰ্যকৰী ক্ষমতা কমি গ’লে নাইবা পেনক্ৰিয়াজ গ্ৰন্থিয়ে ইনছুলিন উৎপাদন কমকৈ কৰিলে, নহ’ব বা Insulin resistance হ’লে এনে প্ৰকাৰৰ ডায়েবেটিছ হ’ব পাৰে।

টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কাৰ বেছি ?-
- নিষ্ক্ৰিয় জীৱন যাপন, কোনো কচৰৎ বা ব্যায়াম নকৰা লোক
- উচ্চ ৰক্তচাপ থাকিলে
- মেদবহুলতা আৰু চৰ্বিজনিত ৰোগ (ডিছলিপিডেমিয়া)
- ধূম্ৰপান
- অতিমাত্ৰা সমস্যাত ভোগা
- মানসিক ৰোগ
- পৰিয়ালৰ বংশানুগতি
ডায়েবেটিছ নথকা কিছুমান মহিলাৰ গৰ্ভধাৰণ কৰাৰ লগে লগে ডায়েবেটিছৰ লক্ষণে দেখা দিয়ে। এনে অৱস্থাক প্ৰসৱকালীন ডায়েবেটিছ (Gestational Diabetes) বোলে।
এই তিনিবিধৰ উপৰি জেনেটিক বিসংগতিৰ ফলতো জন্মগত ডায়েবেটিছ ৰোগ হ’ব পাৰে। ষ্টেৰইডৰ অপপ্ৰয়োগেও ডায়েবেটিছ ৰোগ কৰিব পাৰে।

টাইপ-১ ডায়েবেটিছৰ লক্ষণসমূহ হ’ল- বেছি প্ৰস্ৰাৱ হোৱা, বেছি পিয়াহ লগা, বেছি ভোক লগা, অকাৰণত ক্ষীণাবলৈ ধৰা, তাৰতম্য অনুভৱ হোৱা, দৃষ্টিশক্তি হ্ৰাস হোৱা, যিকোনো ঘা শুকাওতে পলম হোৱা, হাত-ভৰি জিনজিনোৱা, ভৰিৰ তলুৱাৰ চেতনা হ্ৰাস হোৱা, মেজাজ সঘনে সলনি হোৱা, স্বভাৱ খিংখিঙীয়া হোৱা, শুষ্ক চৰ্ম, পেট বিষ, বমি হোৱা, মুখ শুকাই থকা, নিশ্বাসত ফলৰ ঘ্ৰাণ পোৱা আদি।
টাইপ-২ ডায়েবেটিছৰ লক্ষণসমূহ হ’ল- ওপৰৰ লক্ষণসমূহৰ উপৰি এইকেইটা লক্ষণ টাইপ-২ ডায়েবেটিছত দেখা যাব পাৰে- সঘনাই যিকোনো ৰোগৰ সংক্ৰমণ সৰুসুৰা খহুৰ পৰা আৰম্ভ কৰি টি.বি. ৰোগত এনে ৰোগী সহজে ভুক্তভোগী হ’ব পাৰে। জননেন্দ্ৰিয়ৰ খজুৱতি। অলপতে ভাগৰ লগা।
এনে ৰোগীয়ে মনত ৰখা উচিত টাইপ-২ ডায়েবেটিছ এবিধ জীৱনজোৰা ক্ৰনিক ব্যাধি হ’লেও ইয়াক উপযুক্ত দৰব আৰু পৰিচালনাৰে ৰাখি সাধাৰণ স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখাটো সম্পূৰ্ণ সম্ভৱপৰ। পুনৰাই উল্লেখ কৰিছোঁ- তেজৰ বৰ্ধিত গ্লুকোজে বিভিন্ন ৰক্তবাহী নলী আৰু স্নায়ুতন্ত্ৰৰ গুৰুতৰ বিজুটি ঘটোৱাৰ ফলতেই নানাধৰণৰ জটিলতাসমূহে দেখা দিয়ে। ফলত চকু, কিডনী, মগজু, হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰৰ নানা উপসৰ্গই দেখা দিয়ে। হাড়ৰ অষ্টিঅ’পৰছিছ, ভৰিত ঘা গেংগ্ৰিন, ছালত-মুখমণ্ডলত বেক্টেৰিয়া-ফাংগাচৰ সংক্ৰমণ হ’ব পাৰে। গৰ্ভৱতীৰ মৃত সন্তান প্ৰসৱ বা বিনষ্ট হ’ব পাৰে। মুঠতে এই জটিলতাসমূহ কৈ শেষ কৰিব নোৱাৰি। এটা কথা উল্লেখ নকৰিলে লেখাটো অপূৰ্ণ হ’ব কেতিয়াবা কোনো একোজন লোক লক্ষণ বিহীনো হ’ব পাৰে। চাকৰি বা ইঞ্চুৰেঞ্চ সংক্ৰান্তত তেজ পৰীক্ষা কৰাওঁতেহে তেজত উচ্চ পৰিমাণৰ গ্লুকোজ ধৰা পৰে। এনে লোকেও নিজৰ তেজৰ গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাটো বাঞ্ছনীয়।

ৰোগৰ চিকিৎসা- টাইপ-১ ডায়েবেটিছত ইনছুলিন আৰু টাইপ-২ৰ বাবে ছুগাৰ নিয়ন্ত্ৰণ কৰা ঔষধ খোৱা (Oral Hypoglycemic Agent)। কিন্তু এটা বাক্যতে ইয়াক শেষ কৰিব নোৱাৰি। ডায়েবেটিছৰ চিকিৎসা এক বৃহৎ অধ্যায়। ৰোগী ভেদে ইনছুলিন আৰু দৰবো ভিন্ন ভিন্ন হয়। জীৱন ৰক্ষাকাৰী ইনছুলিন বেজীৰ আৱিষ্কাৰ ১৯২১ চনত হয়। ইয়াক বেজীৰ সলনি খোৱাৰ ঔষধলৈ সলনি কৰাৰ প্ৰয়াস ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে কৰি আছে আৰু তেওঁলোকে সোনকালেই এই প্ৰয়াসত সফল হ’ব বুলি জনাইছে। আনহাতে আজিকালি যথেষ্ট সংখ্যক ছুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধ বজাৰত উপলব্ধ হৈছে। ছুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধৰ প্ৰধান বিপদ (পাৰ্শ্বক্ৰিয়াস্বৰূপে) হাইপ’গ্লাইচেমিক ক’মা এই নতুন দৰববিলাকৰ ক্ষেত্ৰত অতি কম। হাইপ’গ্লাইচেমিক ক’মা হ’ল তেজত ছুগাৰৰ পৰিমাণ বিপদজনকভাৱে কমি ৰোগীক অচেতন কৰি দিয়া। আনহাতে ডায়েবেটিক ক’মা বা হাইপাৰগ্লাইচেমিক ক’মাত তেজত ছুগাৰৰ পৰিমাণ সাংঘাটিকভাৱে বাঢ়ি ৰোগীক অচেতন কৰি পেলায়। হাইপ’গ্লাইচেমিক ক’মা তুলনামূলকভাৱে বেছি বিপদজনক। যিকোনো জৰুৰীকালীন অৱস্থাত (যেনে অপাৰেচনৰ প্ৰয়োজন হ’লে, কোনো গুৰুতৰ সংক্ৰমণ হ’লে) টাইপ-২ ডায়েবেটিছৰ ৰোগীক হ্ৰস্বকালীনভাৱে ইনছুলিনেৰে চিকিৎসা কৰা হয়। শেহতীয়া সংবাদমতে মেদবহুল বহুমূত্ৰ ৰোগীৰ অপাৰেচন কৰি (Gastric bypass and biliopancreatic diversion) সুফল লাভ কৰাটো প্ৰমাণিত হোৱাত এই চিকিৎসাৰ প্ৰতি দিনে দিনে অধিক লোক আকৰ্ষিত হ’ব ধৰিছে।
চমুকৈ কেইটিমান লাগতিয়াল কথা পাঠকসকলক জনাব খুজিছোঁ। ৰোগ চিনাক্ত হ’লে ভীতিগ্ৰস্ত নহৈ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ হেলা নকৰিব। আপোনাৰ জীৱন ধাৰণৰ পদ্ধতিত প্ৰয়োজনীয় সংশোধনী আনিবলৈ প্ৰয়াস কৰক। ফাষ্টফুড, শীতল পানীয়, ধূম্ৰপান, মদ্যপান বৰ্জন কৰক। এটা গ্লুকোমিটাৰ কিনি সময়ে সময়ে নিজৰ ছুগাৰ পৰীক্ষা কৰি লিখি থওঁক, আৰু আপোনাৰ চিকিৎসকক সময়ত অৱগত কৰাওক। ডায়েবেটিছ ৰোগীয়ে ভৰিকেইটা আঘাত নোপোৱাকৈ পৰিষ্কাৰ কৰি সযতনে ৰাখিব। সময়ে সময়ে চকু পৰীক্ষা কৰাবলৈ নাপাহৰিব। খাদ্যত নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ দ্বাৰা শৰীৰৰ ওজন নৰ্মেল বি.এম.আই.ৰ ওচৰত ৰাখিবলৈ যত্নপৰ হওঁক। বিজ্ঞাপনত ভোল গৈ কবিৰাজ বা পাবত গজা তথাকথিত ডাক্তৰৰ (Quake) কাষ চাপি জীৱন বিপদাপন্ন নকৰিব। এটি উদাহৰণ দিওঁ। কেইমাহমানৰ আগতে এজন কুৰি বছৰীয়া নেপালী যুৱকৰ টাইপ-১ ডায়েবেটিছৰ চিকিৎসা ইনছুলিন বেজীৰে আৰম্ভ কৰিলোঁ। তেজত ছুগাৰৰ পৰিমাণ ৫৬৮ মিলিগ্ৰাম শতাংশৰ পৰা কমি ২০০ মিলিগ্ৰাম শতাংশৰ তললৈ আহিল। ৰোগ নিয়ন্ত্ৰণত অহাত লক্ষণসমূহ নোহোৱা হ’ল আৰু স্বাস্থ্যৰ উন্নতি হ’বলৈ ধৰিলে। তেনে এটা অৱস্থালৈ যুৱকজনে দুমাহৰ ছুটীত ঘৰলৈ গ’ল। ছুটীৰ শেষত ঘৰৰ পৰা ঘূৰি আহিল ৪ কেজি ক্ষীণাই গাত কেইটিমান খহু লৈ। তেজ পৰীক্ষা কৰিলত ওলাল ছুগাৰ ৪৪৪ মিলিগ্ৰাম শতাংশ। ঘৰত হেনো ইনছুলিন নোলোৱাকৈ ছুগাৰ ১২০ৰ তলত আছিল। কি চিকিৎসা কৰিছিল দেখোৱালে চাৰে সাত (৭৫০০) হাজাৰ টকীয়া ব্ৰেণ্ডেড কেইটিমান প্লাষ্টিকৰ বটলত থকা কেইবিধমান আয়ুৰ্বেদিক দৰব। ‘পুনঃ মুচিকঃ ভৱ’ হোৱা যুৱকজনৰ ভ্ৰান্তি দূৰ কৰিবলৈ মই আধা ঘণ্টাৰো অধিক সময় খৰচ কৰিবলগীয়া হ’ল। প্ৰত্যেকজন ডায়েবেটিছ ৰোগীয়ে কেইটিমান নৰ্মেল লেভেল জনাৰ আৱশ্যক। খালী পেটত (ফাষ্টিং) ছুগাৰ হ’ল ৭০-১১০, আকস্মিক (ৰেণ্ডম) ছুগাৰ হ’ল ১৪০-১৬৫, খোৱাৰ পিছত (পি.পি.) ১৬৫-১৮০। ডায়েবেটিছ ৰোগীৰ গ্লাইক’চাইলেটেডহিমগ্ল’বিন (HbA1C) ৬.৫%ৰ ওপৰত থাকে।
এইবাৰ খাদ্যৰ বিষয়ে দু-আষাৰ কৈ লেখা সামৰিম।

কি কি খাব- যি খাদ্যই কাৰ্বহাইড্ৰেট শৰীৰত প্ৰৱেশত বিলম্ব ঘটায় তেনে খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে। উদাহৰণ গাজী বুট বা মাহ, বিন, মটৰ, চালাডৰ পাত, পচলা, কলডিল আৰু আন আন আঁহ থকা শাক-পাচলি। দুটা ভেণ্ডি ডোখৰ ডোখৰকৈ কাটি ৰাতি আধা গিলাচ পানীত তিয়াই থৈ তাৰ পানী পুৱা খালে কাৰ্বহাইড্ৰেট শৰীৰত প্ৰৱেশত বিলম্ব ঘটে আৰু ফলত তেজত ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হয়। কেইবছমানৰ আগলৈকে ভাৰতবৰ্ষত জগত ফাৰ্মা নামৰ কোম্পানীয়ে ‘কাৰবোটাৰ্ট’ নামৰ এবিধ পাউদাৰ বজাৰত উপলব্ধ কৰিছিল। ছুজিৰ নিচিনা সেই পাউদাৰ পানীত মিহলাই ভাত খোৱাৰ আধা ঘণ্টা আগতে খালে ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হৈছিল। একেদৰে বিহাৰীসকলৰ প্ৰিয় খাদ্য চাটুগুড়ি আৰু ডালিয়াই কাম কৰে। মধুমেহৰ ৰোগীয়ে এইবিলাক খালে লাভৱান হ’ব। ঢেঁকীয়া, লাই, মৰিচা, কলডিল, পচলা, গোমধান বা আঁহ থকা শাক-পাচলি ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ খোৱা উচিত। আৰৈ চাউলৰ পৰিৱৰ্তে উখোৱা (ওহোৱা) চাউলৰ ভাত খাব লাগে। এসাজ ভাত, এসাজ ৰুটী খোৱাৰ অভ্যাস কৰিব লাগে। মাছ, মাংস, কণী খাব পাৰিব। ৰন্ধনত অলিভ অইল নহ’লে ছানফ্লাৱাৰ তেল ব্যৱহাৰ কৰিব। যিকোনো চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰিব। কম চৰ্বিযুক্ত গাখীৰহে খোৱা ভাল। দৈ খাব, ক্ৰীম খোৱা বাদ দিয়ক। মদ্যপান আৰু ধূম্ৰপান বৰ্জনীয়। ডায়েবেটিছ ৰোগীয়ে চকলেট, আইচক্ৰীম আৰু সকলো ধৰণৰ শীতল পানীয়ৰ মোহ পৰিত্যাগ কৰিব।

22/02/2022

বহুত মানুহে মেডিকেল কলেজৰ হস্পিটেলৰ নিয়ম বোৰ ভালদৰে নজনা কাৰনে বহুত নাগুৰ নাকটি হোৱা দেখা যায়। গতিকে মেডিকেল কলেজৰ হস্পিটেলৰ নিয়মবোৰ ৰ বিষয়ে অলপ লিখিলোঁ।

মেডিকেল কলেজৰ হস্পিটেলত PATIENT CARE তিনিটা ঠাইত হয়
1) বৰ্হি বিভাগ (OPD)
2) অন্ত বিভাগ ( INDOOR)
3) ইমাৰজেন্সী ( EMERGENCY)

বৰ্তমান অসমৰ মেডিকেল কলেজ সমূহৰ বৰ্হি বিভাগৰ সময় ৰাতিপুৱা আঠ বজাৰ পৰা দিনৰ দুই বজা লৈ।
ইমাৰজেন্সী বিভাগ 24 ঘন্টা ই খোলা থাকে। এই ইমাৰজেন্সী বিভাগত আকস্মিক ভাবে হোৱা বেমাৰ নতুবা আকস্মিক দূৰ্ঘটনা ৰ বাবে হোৱা INJURIES বোৰৰ চিকিৎসা কৰা হয়। দুই তিনি দিনৰ পৰা হৈ থকা বেমাৰ কেতিয়াও ইমাৰজেন্সী বিভাগত দেখুৱাবলৈ অহা উচিত নহয়।

বৰ্হি বিভাগ সমূহ মেডিকেল ফেকাল্টি ৰ ( অধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক) তত্ত্বাৱধানত পৰিচালিত হয়। সেই হিছাপে একো একোজন মেডিকেল ফেকাল্টি ৰ বৰ্হি বিভাগৰ দিন নিৰ্দিষ্ট কৰি দিয়া হয়। গতিকে প্ৰত্যেক দিনে বেলেগ বেলেগ মেডিকেল ফেকাল্টি ৰ বৰ্হি বিভাগ ৰ ডিউটি পৰে। কোনোবা ৰোগীয়ে কোনোবা দিনত যদি দেখুৱাই যায় তেন্তে পিচৰবাৰ দেখুৱাবলৈ আহোতে একেই বাৰত আহিব লাগে কাৰণ ৰোগীৰ চিকিৎসা সম্পৰ্কীয় ৰেকৰ্ড পাঠী সেই একে বাৰতেহে উলিয়াব পাৰি। সেই ৰেকৰ্ড পাঠীবোৰ MRD ত জমা কৰি ৰখা হয়।
ইয়াতে মন কৰিব বৰ্হি বিভাগত মেডিকেল ফেকাল্টি (VS/VP) তত্ত্বাৱধানত ৰেজিষ্ট্ৰাৰ, আবাসিক চিকিৎসক আৰু স্নাতকোত্তৰ প্ৰশিক্ষাৰ্টী চিকিৎসকে ৰোগীৰ চিকিৎসা কৰে। গতিকে বৰ্হি বিভাগত সেই দিনাৰ VS/VP ৰ কোন কোন দিনা অ পি ডি হয় সুধি লব লাগে যাতে পিছত সেইমতে FOLLOW UP কৰিব পাৰে। বৰ্হি বিভাগলৈ আহিলে অলপ সময় লৈ সোনকালে অহা উচিত। দিনৰ 1.45 আহিলে সময়ৰ নাটনি হবই। আৰু এটা কথা মন কৰিব মেডিকেল কলেজৰ হস্পিটেলখন টাৰছিয়েৰি ৰেফাৰেল ইউনিট। অৰ্থাৎ যদিহে ডিস্ট্ৰীক হস্পিটেলতো বেমাৰ টোৰ চিকিৎসা কৰিব পৰা নাই তেতিয়াহে নিয়ম অনুসৰি মেডিকেল কলেজৰ হস্পিটেলৈ ৰেফাৰ কৰিব লাগে। কিয়নো জনসাধাৰণৰ স্বাস্থ্য আৰু চিকিৎসা ৰ দায়িত্ব ত স্বাস্থ্য ও চিকিৎসা বিষয়া (M&HO) নিয়োজিত আছে। মেডিকেল কলেজত সাধাৰণতে স্বাস্থ্য ও চিকিৎসা বিষয়া নাথাকে। অধ্যাপক/অধ্যাপিকা ৰ তত্বাৱধানত চিকিৎসা সেৱা চলে। এই অধ্যাপক/অধ্যাপিকা ৰ ৰোগী চোৱা চিতাৰ উপৰিও ভবিষ্যতৰ চিকিৎসক গঢ়াৰ গধুৰ দায়িত্ব থাকে। মেডিকেল কলেজত ক্ৰিটিকেল বেমাৰৰ চিকিৎসা ৰ বাবে সময় দিয়া উচিত। তাৰোপৰি MBBS আৰু MD/MS ৰ পাঠদান আৰু গভেষনা ৰ বাবেও মেডিকেল ফেকাল্টি ৰ সময়ৰ প্ৰয়োজন হয়।

গতিকে আমাৰ ৰাইজে চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত দেখুৱাব আহোতে সময়ৰ প্ৰতি ধ্যান দিয়া উচিত। খৰ হৈ থাকিলে আপুনি ইমাৰজেন্সী বিভাগত দেখুৱাব অহা উচিত নহয় বা বহুত দিনৰ পৰা আপুনি কানেৰে নুশুনিলে ইমাৰজেন্সী বিভাগত দেখুৱাব নহাই ভাল।

অন্ত বিভাগত (INDOOR) ৰোগীবোৰ ভৰ্তি হৈ থাকে। তাতে কেৱল ভৰ্তি হৈ থকা ৰোগীৰ হে চিকিৎসা কৰা হয়। মন কৰিব INDOOR বিভাগত ৰোগীবোৰ কো একো একোজন মেডিকেল ফেকাল্টি ৰ (VS/VP) under ত ভৰ্তি কৰি চিকিৎসা কৰা হয়। গতিকে মেডিকেল কলেজ সমূহত VS অথবা VP নামতহে ৰোগীক ভৰ্তি কৰিব পাৰি। ৰেজিষ্ট্ৰাৰ আৰু ৰেচিডেন্ট চিকিৎসকে VS /VP ৰ আদেশ তথা পৰামৰ্শ অনুসৰিহে ৰোগীৰ চিকিৎসা আগবঢ়াব পাৰে। তাৰোপৰি INDOOR বিভাগ বোৰ মেডিকেল কলেজ ত বিভাগ অনুসৰি বেলেগ বেলেগকৈ ৰখা হয়। সেই মতে জেনেৰেল ছাৰ্জাৰীৰ ইনদোৰ বেলেগ, ই এন টি ৰ ইনদোৰ বেলেগ। গতিকে কোনটো বিভাগৰ ইনদোৰ ত কোনজন VS / VP under ত ভৰ্তি আছে জানি লোৱা ভাল।
তাৰোপৰি ৰাইজৰ জ্ঞাতাৰ্থে আৰু এটা কথা জনাই থও। চৰকাৰী বন্ধৰ দিনবোৰ বাদ দি মেডিকেল কলেজৰ কোনো চিকিৎসকে ৰাতিপুৱা 8 AM পৰা 2PM লৈ প্ৰাইভেট প্ৰেকটিছ কৰিব নোৱাৰে। কাৰন সেই সময় খিনিত মেডিকেল কলেজত ৰাইজক বিনামূলীয়া সেৱা আগবঢ়োৱাৰ উপৰিও ছাত্ৰ ছাত্ৰী ক পঢ়োৱাৰ সময়। সেয়েহে ৰাইজে ও সামাজিক দায়বদ্ধতা বুজি এই সময়ত কোনো মেডিকেল কলেজৰ চিকিৎসকক প্ৰাইভেট ত দেখুৱাব বিচাৰিব নালাগে আৰু কোনো চৰকাৰী চিকিৎসকে চেম্বাৰত এনে সময়ত বহিলেও আপত্তি কৰা উচিত।

15/02/2022

কিডনীৰ ৰোগ। ডাঃ জীৱন চন্দ্ৰ দত্ত বৰুৱাৰ লিখনি:-

মূত্ৰতন্ত্ৰ শৰীৰৰ এক অতি প্ৰয়োজনীয় তন্ত্ৰ। এই তন্ত্ৰৰ কাম হ’ল শৰীৰৰ পৰা অতিৰিক্ত পানীভাগ আৰু অলাগতিয়াল দ্ৰব্য নিষ্কাষণ কৰা। এই তন্ত্ৰৰ অঙ্গবোৰ হ’ল দুটা কিডনী, দুডাল ইউৰেটাৰ (কিডনীৰ পৰা মূত্ৰাশয়লৈ প্ৰস্ৰাৱ কঢ়িওৱা নলী), মূত্ৰাশয় (প্ৰস্ৰাৱ জমা হোৱা মোনা) আৰু ইউৰেথ্ৰা (শৰীৰৰ পৰা প্ৰস্ৰাৱ বাহিৰলৈ উলিয়াই দিয়া নলী)।
কিডনী দুটা দেখাত বীনৰ গুটিৰ নিচিনা। আকাৰত প্ৰায় হাতৰ মুঠিৰ সমান। একোটা কিডনীৰ ওডন প্ৰায় দুই আউন্স। কামিহাড়ৰ সজাৰ ঠিক তলত ৰাজহাড়ৰ দুয়োফালে, পিঠিৰ ফালে কিডনী দুটা থাকে। আমাৰ শৰীৰত দুটা কিডনী থাকে যদিও এটা কিডনী বিকল হ’লে অথবা কাটি পেলাবলগীয়া হ’লে আনটো কিডনীৰ সহায়ত আমি সুস্থতাৰে জীয়াই থাকিব পাৰোঁ। কিডনীয়ে মহাধমনীৰ পৰা তেজ সংগ্ৰহ কৰে আৰু চেকি অলাগতিয়াল, বিষাক্ত পদাৰ্থসমূহ আঁতৰ কৰি অতিৰিক্ত পানীৰ সৈতে প্ৰস্ৰাৱ হিচাপে উলিয়াই দিয়ে। প্ৰয়োজনীয় পানী আৰু ৰাসায়নিক পদাৰ্থৰ সৈতে তেজখিনি হৃদপিণ্ডলৈ পঠিয়াই দিয়ে। এই পৰিশোধিত তেজ শৰীৰৰ বিভিন্ন অংগলৈ যায়। মূত্ৰতন্ত্ৰৰ অন্যান্য অংগৰ সহায়ত অপ্ৰয়োজনীয় পানী আৰু বৰ্জনীয় পদাৰ্থসমূহ প্ৰস্ৰাৱৰূপে শৰীৰৰ বাহিৰলৈ ওলাই যায়।
কিডনীয়ে শৰীৰৰ জলভাগৰ মান পৰিমাণ নিয়ন্ত্ৰণ কৰে। কিডনীয়ে কেতবোৰ হৰম’নো উৎপাদন কৰে। এই হৰম’নে শৰীৰৰ ভালেমান অংগৰ কোষীয় ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে। উদাহৰণ স্বৰূপে ‘ৰেনিন্’ হৰম’নে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কিডনীয়ে সঠিকভাৱে কাম-কাজ কৰিব নোৱাৰিলে পানী আৰু বিষাক্ত আৱৰ্জনা জমা হৈ সংকটাৱস্থাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত মানুহৰ মৃত্যুও হ’ব পাৰে। কিডনীয়ে নিয়ন্ত্ৰণ কৰা প্ৰণিধানযোগ্য কেইটিমান পদাৰ্থ হ’ল ছডিয়া’ম, পটাছিয়াম, ক্ল’ৰাইড, বাইকাৰ্বনেট, কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম। তেজৰ অম্লতা-ক্ষাৰতাৰ (ph) নিয়ন্ত্ৰণতো কিডনীয়ে সহায় কৰে।
কিডনীৰ বিকাৰ সৃষ্টিকাৰী কেইটিমান ৰোগ আৰু কাৰক এনেধৰণৰ—
প্ৰতিবন্ধন— মূলতন্ত্ৰৰ বিভিন্ন অংশত প্ৰতিবন্ধনৰ সৃষ্টি হ’ব পাৰে। উদাহৰণ স্বৰূপে কিডনীৰ পাথৰ, টিউমাৰ, গৰ্ভাৱস্থাৰ বৰ্ধিতাকাৰৰ জৰায়ুৰ চাপ, মদনগ্ৰন্থিৰ আকাৰ বৃদ্ধি আদিয়ে প্ৰতিবন্ধনৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত প্ৰস্ৰাৱ জমা হৈ মূত্ৰতন্ত্ৰত সংক্ৰমণৰ সৃষ্টি হ’ব পাৰে আৰু কিডনীৰ বিকাৰ ঘটিব পাৰে। কিডনীৰ পাথৰৰ দ্বাৰা হোৱা প্ৰতিবন্ধনৰ ফলত প্ৰচণ্ড পেটৰ বিষ হ’ব পাৰে। অন্যান্য ধৰণৰ প্ৰতিবন্ধনৰ বিশেষ লক্ষণ দেখা নাযায়, এক্স-ৰে’ অথবা আল্ট্ৰাছাউণ্ড পৰীক্ষাৰ সময়তহে সাধাৰণতে ধৰা পৰে।
সংক্ৰমণ— সাধাৰণতে মূত্ৰাশয়তে সংক্ৰমণ হয় আৰু তাৰ পৰা উজাই গৈ কিডনীৰ গুৰুতৰ সংক্ৰমণ ঘটাব পাৰে। সংক্ৰমণৰ লক্ষণসমূহ হ’ল জ্বৰ, ঠাণ্ডা অনুভৱ হোৱা, সঘনে প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱৰ অনুভূতি হ’লে লগে লগেই প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া হোৱা, প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলন অনুভৱ হোৱা অথবা বিষ হোৱা ইত্যাদি। সাধাৰণতে তলপেটত চাপ অথবা বিষ অনুভৱ হ’ব পাৰে। পিঠিৰ বিষো হ’ব পাৰে। কেতিয়াবা প্ৰস্ৰাৱৰ সৈতে তেজো নিৰ্গত হ’ব পাৰে। কোনো কোনো ক্ষেত্ৰত প্ৰস্ৰাৱ উৎকট দুৰ্গন্ধযুক্ত হয়। মূত্ৰাশয়ৰ পৰা সংক্ৰমণ কিডনীলৈ বিস্তাৰিত হ’লে পায়েল’নেফ্ৰাইটিছ হ’ব পাৰে। মূত্ৰতন্ত্ৰৰ প্ৰতিবন্ধন হ’লে কিডনী সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হয়। শৰীৰৰ অন্যান্য অংগ, যেনে— ছাল, ডিঙি, হৃদপিণ্ড আদিৰো সংক্ৰমণ কিডনীলৈ বিস্তাৰিত হ’ব পাৰে।
গ্ল’মাৰুলাৰ ৰোগ— গ্ল’মাৰুলাছ হ’ল কিডনীত থকা চেকনি সদৃশ অংগ। গ্ল’মাৰুলাছ প্ৰকৃততে পাক খাই থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ ৰক্তনলীৰ জলাক। প্ৰতিটো গ্ল’মাৰুলাছত ক্ষুদ্ৰনলী বা টিউবিউল সংলগ্ন হৈ থাকে। এই টিউবিউলে চেকনৰ পিছত বৰ্জিত পানী আৰু অন্যান্য বৰ্জ্য পদাৰ্থ সংগ্ৰহ কৰে। গ্ল’মাৰুলাছ আৰু টিউবিউলক একেলগে নেফ্ৰন বোলে। একোটা কিডনীত একৰ পৰা দুই নিযুত নেফ্ৰন থাকে। ডায়েবেটিক আৰু উচ্চ ৰক্তচাপ হ’লে গ্ল’মাৰুলাছৰ ৰোগ হ’ব পাৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধী পদ্ধতিৰ অস্বাভাৱিক ক্ৰিয়াৰ ফলতো গ্ল’মাৰুলাছৰ ৰোগ হ’ব পাৰে। এইক্ষেত্ৰত প্ৰতিৰোধী পদ্ধতিয়ে ভুলবশতঃ গ্ল’মাৰুলাছৰ কোষ আক্ৰমণ কৰে। স্বপ্ৰতিৰোধী বিকাৰজনিত ৰোগৰ ক্ষেত্ৰত গ্ল’মাৰুলাছ আক্ৰান্ত হ’ব পাৰে। চিষ্টেমিক লুপাছ এৰিথ্ৰ’মেটাছ এনে এবিধ ৰোগ। বংশগতিক কাৰণতো গ্ল’মাৰুলাছ আক্ৰান্ত হ’ব পাৰে। শৰীৰৰ অন্যান্য অংগ যেনে— ডিঙি, ছাল, হৃদপিণ্ড আদিৰ সংক্ৰমণো গ্ল’মাৰুলাছলৈ বিস্তাৰিত হ’ব পাৰে এইডছ সংক্ৰমণৰ ফলতো গ্ল’মাৰুলাৰ ৰোগ হ’ব পাৰে।
গ্ল’মাৰুল’নেফ্ৰাইটিছ ৰোগত গ্ল’মাৰুলাছ বোৰৰ কোষত প্ৰদাহ হয়। ইয়াৰ ফলত তেজৰ চেকন হ্ৰাস পায় আৰু প্ৰস্ৰাৱৰ পৰিমাণ কমি যায়। শৰীৰত পানী আৰু বৰ্জ্য পদাৰ্থসমূহ জমা হয়। শৰীৰত পানী জমা হোৱা হেতুকে কেতবোৰ অংগ উখহি যায় আৰু সোঁথৰোগ হয়। প্ৰদাহ কেই সপ্তাহমানৰ ভিতৰতে প্ৰশমন হ’ব পাৰে আৰু কিডনী পুনৰ স্বাভাৱিক ক্ৰিয়াশীল হয়। কেতিয়াবা তেনেকুৱা নহৈ প্ৰদাহ সঞ্চিত হয় আৰু কিডনীৰ ক্ৰিয়াকলাপ স্থায়ীভাৱে হ্ৰাস পায় অথবা কিডনী সম্পূৰ্ণ বিকল হয়।
এই ৰোগত গ্ল’মাৰুলাছ আৰু টিউবিউলৰ মাজৰ আৱৰণীখন ধ্বংস প্ৰাপ্ত হয়। ফলত প্ৰস্ৰাৱত প্ৰ’টিন (এলবুমিন) নিসৃত হয়। তেজত এলবুমিনৰ পৰিমাণ হ্ৰাস হোৱা বাবে শৰীৰৰ কোনো কোনো অংগত পানী জমা হয় আৰু উখহি যায়। যেনে— চকুৰ চাৰিওফালে, পেটত আৰু ভৰিত। তেজৰ লোহিত কণাবোৰ ভাঙি যোৱাৰ বাবে প্ৰস্ৰাৱ মুগা বৰণীয়া হয়।
সাধাৰণতে শিশুৰ এই ৰোগ হ’লে চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণ নিৰাময় সম্ভৱ হয়, গতিকে কিডনীৰ স্থায়ী বিকলতাও নহয়।

কিডনীৰ বিকলৰ অন্যান্য কাৰণসমূহ—
প্ৰচুৰ ৰক্তক্ষৰণ অথবা কোনো কাৰণত কম পৰিমাণৰ তেজ কিডনীলৈ প্ৰবাহিত হ’লে কিডনীৰ ক্ৰিয়া-কলাপত বিজুটি ঘটে। তেনেদৰে গভীৰ নিজল অৱস্থা, হৃৎপিণ্ড আৰু মহাধমনীৰ শল্য চিকিৎসা, তেজ অথবা হৃদপিণ্ডৰ তীব্ৰ সংক্ৰমণ আৰু হাৰ্ট ফেইলাৰৰ ক্ষেত্ৰতো কিডনীৰ ক্ৰিয়া-কলাপত বিজুতি ঘটে। এনেবোৰ কাৰণত হোৱা কিডনীৰ বৈকল্য সাধাৰণতে প্ৰতিৰোধ কৰিব পাৰি আৰু কিডনী পুনৰ সম্পূৰ্ণ ক্ৰিয়াশীল হয়। অৱশ্যে কোনো কোনো ক্ষেত্ৰত এনেকুৱা নহ’বও পাৰে আৰু কিডনীৰ স্থায়ী বিকলতা হ’ব পাৰে। কেতবোৰ দৰব আৰু নিৰ্ণায়ক পৰীক্ষাৰ ব্যৱহৃত ৰাসায়নিক সামগ্ৰীয়ে কিডনীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। সহজে উপলব্ধ হোৱা ইবুপ্ৰ’ফেনৰ লেখীয়া কেতবোৰ বিষনাশক দৰব, কেতবোৰ এণ্টিবায়’টিক, এক্স-ৰে’ৰ ব্যৱহৃত ৰঞ্জক আদিয়ে কিডনীৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত তাৎক্ষণিক কিডনী বিকল হ’ব পাৰে। এইক্ষেত্ৰত জৰুৰী চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।
মূত্ৰতন্ত্ৰৰ কেন্সাৰৰ সম্ভাৱনা তুলনামূলক ভাৱে কম। কিডনীত দুই প্ৰকাৰৰ কেন্সাৰ হ’ব পাৰে। শিশুৰ ক্ষেত্ৰত উইলমছ টিউমাৰ নামৰ কেন্সাৰ হ’ব পাৰে। এই কেন্সাৰৰ চিকিৎসা আছে। মধ্যবয়সীয়া আৰু বৃদ্ধৰ ক্ষেত্ৰত হ’ব পাৰে ৰিনেল চেল কাচিন’মা। এই কেন্সাৰ হ’লে প্ৰস্ৰাৱত তেজ নিৰ্গত হ’ব পাৰে। অৱশ্যে সাধাৰণতে প্ৰাৰম্ভিক অৱস্থাত এই কেন্সাৰ ধৰা নপৰে। শৰীৰৰ অন্যান্যা অংগলৈ বিস্তাৰিত হ’লেহে এই কেন্সাৰ ধৰা পৰে। মূত্ৰাশয়ৰ কেন্সাৰৰ সম্ভাৱনা তুলনামূলকভাৱে অধিক। এই কেন্সাৰত প্ৰস্ৰাৱৰ সৈতে যথেষ্ট পৰিমাণৰ তেজ নিসৃত হয়। অৱশ্যে সকলো ক্ষেত্ৰতে তেনে নহ’বও পাৰে। কোনো কোনো ক্ষেত্ৰত প্ৰস্ৰাৱ পৰীক্ষা কৰিলেহে তেজৰ স্থিতি ধৰা পৰে। আৰম্ভণিতে ধৰা পৰিলে মূত্ৰাশয়ৰ কেন্সাৰৰ ফলপ্ৰসূ চিকিৎসা হ’ব পাৰে।

কিডনী ৰোগৰ লক্ষণসমূহ—
কিডনীৰ ৰোগ হ’লে বহুদিনলৈ কোনো লক্ষণ দেখা নাযাব পাৰে। সেইবাবে নিয়মিতভাৱে তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষা কৰাব লাগে। তেজত ক্ৰিয়েটিনিন আৰু ব্লাড ইউৰিয়া নাইট্ৰ’জেন (BUN)-ৰ মাত্ৰা বৃদ্ধি হ’লে কিডনীৰ ৰোগ তথা বিকলতাৰ আৰম্ভণি হৈছে বুলি বুজিব পাৰি। স্বাভাৱিক অৱস্থাত প্ৰস্ৰাৱত প্ৰ’টিন নিঃসৰিত নহয়, কিন্তু প্ৰস্ৰাৱ পৰীক্ষা কৰিলে যদি দেখা যায় যে প্ৰ’টিন নিঃসৰিত হৈছে তেনেহ’লে কিডনীৰ ৰোগ তথা বিকলতাৰ আৰম্ভণি সূচায়। তলত কেতবোৰ সম্ভাৱ্য লক্ষণ উল্লেখ কৰা হৈছে। ইয়াৰ কাৰণ যিকোনো এটা ধৰা পৰিলে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰয়োজনীয় চিকিৎসা কৰা উচিত।
• চকুৰ চাৰিওফালে, মুখ পেট, মণিবন্ধ, উৰু অথবা ভৰিৰ সৰুগাঁঠি উখহি যোৱা (শৰীৰত অতিৰিক্ত পানী জমা হোৱা হেতুকে)
• প্ৰস্ৰাৱ ফেনিল, তেজ ৰঙা অথবা কফি ৰঙৰ হোৱা,
• প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস পোৱা,
• প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱৰ সৈতে অস্বাভাৱিক দ্ৰব্য নিৰ্গত হোৱা, ঘনাই প্ৰস্ৰাৱ হোৱাৰ প্ৰৱণতা (বিশেষকৈ নিশাৰ ভাগত),
• কামিহাড়ৰ তলত, পিঠিৰ মধ্যখণ্ডত দুয়োফালে (যি ঠাইত কিডনী দুটা থাকে) হোৱা বিষ,
• উচ্চ ৰক্তচাপ,
• ডায়েবেটিছ
কিডনী ৰোগৰ মাত্ৰা বৃদ্ধি হ’লে নিম্নোল্লিখিত ওপৰঞ্চি লক্ষণসমূহে দেখা দিব পাৰে—
• প্ৰস্ৰাৱৰ প্ৰৱণতা বৃদ্ধি অথবা হ্ৰাস,
• খজুৱতি,
• ক্লান্তি,
• কাম-কাজত মনোযোগ দিব নোৱাৰা অৱস্থা,
• হাত-ভৰি উখহা আৰু নিঃসাৰ হোৱা,
• ছালৰ ৰং মলিন হোৱা,
• মাংসপেশীৰ শিৰামূৰি ধৰা।

নিৰ্ণায়ক পৰীক্ষা—
তেজৰ ক্ৰিয়েটিনিন আৰু ব্লাড ইউৰিয়া নাইট্ৰ’জেনৰ মাত্ৰা নিৰ্ধাৰণ— এই দুবিধৰ মাত্ৰা বৃদ্ধিয়ে কিডনীৰ ৰোগ সূচায়।
গ্ল’মাৰুলাছৰ চেকনৰ হাৰ নিৰ্ণয়। এই হাৰ হ্ৰাস হ’লে কিডনীৰ ক্ৰিয়া-কলাপ হ্ৰাস হোৱা বুলি বুজিব পাৰি।
প্ৰস্ৰাৱৰ সাধাৰণ পৰীক্ষা মাজে-সময়ে কৰাব লাগে। যদি প্ৰস্ৰাৱত লোহিত ৰক্তকণিকা, শ্বেতৰক্তকণিকা আৰু প্ৰ’টিন ধৰা পৰা তেনেহ’লে কিডনীৰ ৰোগ আছে বুলি বুজিব পাৰি।
যদি ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভুগি আছে তেনেহ’লে বছৰত অন্ততঃ দুবাৰ প্ৰস্ৰাৱৰ মাইক্ৰ’এলবুমিন পৰীক্ষা কৰাব লাগিব। মাইক্ৰ’এলবুমিনৰ উপস্থিতি কিডনীৰ ৰোগৰ সূচক।
প্ৰস্ৰাৱ পৰীক্ষা কৰি সংক্ৰমণৰ ইংগিত পালে প্ৰস্ৰাৱৰ কৰ্ষণ কৰি সংক্ৰমণৰ কাৰক নিৰ্ণয় কৰিব লাগে। তাৰ পিছত সংক্ৰামক বেক্টেৰিয়া কোনবিধ এণ্টিবায়’টিকৰ প্ৰতি সংবেদনশীল সেই কথা নিৰ্ধাৰণ কৰি চিকিৎসা কৰিব লাগে।

কিডনীৰ ক্ৰিয়াকলাপৰ নিৰীক্ষণ—
কিডনীৰ ক্ৰিয়া-কলাপ নিৰীক্ষণৰ বাবে কেতবোৰ লেবৰেটৰী পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। নিৰ্দিষ্ট সময়ৰ ব্যৱধানত তেজৰ ক্ৰিয়েটিনিন আৰু BUN-ৰ মাত্ৰা নিৰ্ধাৰণ কৰিলে কিডনীৰ ক্ৰিয়া-কলাপ সম্পৰ্কে জানিব পাৰি। তেজৰ কেলচিয়ামৰ মাত্ৰা আৰু প্ৰস্ৰাৱৰ ইলেক্ট্ৰ’লাইটৰ মাত্ৰা নিৰ্ধাৰণ কৰিব লাগে, কিয়নো কিডনী ৰোগত এই দুবিধ দ্ৰব্যৰ পৰিমাণৰ হীন-দেৰি হয়।
কিডনীয়ে এৰিথ্ৰ’পয়েটিন নামৰ এবিধ হৰম’ন উৎপাদন কৰে, এই হৰম’নে লোহিত ৰক্তকণিকা উৎপাদনত সহায় কৰে আৰু হিম’গ্লবিনৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। গতিকে তেজৰ হিম’গ্লবিনৰ মাত্ৰা নিৰ্ধাৰিত কৰা প্ৰয়োজন। সঞ্চিত কিডনী ৰোগত হিম’গ্লবিনৰ মাত্ৰা হ্ৰাস হয়। পেৰাথাইৰয়ড হৰম’নে তেজৰ কেলচিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কিডনীৰ ৰোগত এই হৰম’নৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। ফলত কেলচিয়াম আৰু ভিটামিন ‘ডি’ৰ মাত্ৰা হ্ৰাস হৈ হাড় ফোঁপোলা ৰোগৰ সৃষ্টি কৰিব পাৰে। গতিকে এই হৰম’নৰ মাত্ৰাও নিৰ্ধাৰণ কৰিব লাগে।
কিডনীৰ গঠনৰ পৰিৱৰ্তন অথবা প্ৰতিৰঞ্জনৰ সন্দেহ হ’লে আল্ট্ৰাছাউণ্ড, চি.টি. স্কেন, ইণ্ট্ৰাভেনাছ ইউৰ’গ্ৰাম, মিকচুৰেটিং চিষ্ট’গ্ৰাম অথবা ৰিনেল একিউগ্ৰাম পৰীক্ষা কৰাৰো প্ৰয়োজন হ’ব পাৰে।
অন্যান্য পৰীক্ষাত ৰোগৰ সঠিক স্থিতি ধৰা নপৰিলে কিডনীৰ বায়’প্সী কৰি হিষ্ট’পেথ’লজী পৰীক্ষা কৰাৰ প্ৰয়োজন হয়

21/12/2021

মদ খালেই নহয় লিভাৰ চিৰোছিছ

ডাঃ অমৃতাংশু বৰকটকী
হেপাটোল’জিষ্ট

আজিকালি লিভাৰ বা যকৃতৰ বিভিন্ন ৰোগত আক্রান্ত লোকৰ সংখ্যা অভাবনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। মানুহ যিমানেই আধুনিক জীবন-যাপনৰ প্রতি আগ্রহী হৈছে সিমানেই লিভাৰ আদি ৰোগত আক্রান্ত হৈছে।বিশেষকৈ লিভাৰ চিৰোছিছ আদিত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এয়া মানৱ জাতিৰ বাবে শুভ লক্ষণ নহয়। তদুপৰি কম বয়সতে এনে ৰোগত আক্রান্ত হোৱাৰ ফলত কেবল এজন লোকৰ জীৱন ধ্বংস হোৱাই নহয়, একো একোটা পৰিয়াললৈ বিপর্যয় নামি আহিছে। আনহাতে, ৰোগবিধৰ জটিল ছবিখন প্রতিফলিত হোৱাৰ পাছতো প্রায়ভাগ লোক সতর্ক নোহোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। শৰীৰৰ গুৰুত্বপূর্ণ অংগসমূহৰ ভিতৰত অন্যতম হ’ল লিভাৰ বা যকৃত। লিভাৰক এটা বান্ধনি ঘৰৰ স’তে তুলনা কৰিব পাৰি। এই আংগটোত সদায় বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্রিয়া সংঘটিত হৈ থাকে। প্ৰ’টিন বা এলবুমিনৰ উপৰি কিছুমান হৰম'ন উৎপাদনত লিভাৰে বিশেষ ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে শৰীৰত জমা হোৱা পুষ্টিক গ্লুক’জলৈ পৰিৱৰ্তন কৰি মস্তিষ্ক আৰু লোহিত ৰক্ত কণিকাসমূহলৈ সৰবৰাহ কৰে। ইপিনে, পৰবর্তী কার্য সম্পাদনৰ বাবে গ্লুক’জৰ পৰা গ্লাইকোজেন আৰু চৰ্বি সঞ্চয় কৰাতো লিভাৰে বিশেষ ভূমিকা গ্রহণ কৰে। তদুপৰি অপ্ৰয়োজনীয় তথ্য ক্ষতিকাৰক দ্রব্য বা পদার্থসমূহ পিত্ত আৰু কিডনী বা বৃক্কৰ মাধ্যমত শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে। যেতিয়াই এই প্রক্রিয়াত ব্যাঘাত জন্মে তেতিয়াই লিভাৰৰ ৰোগৰ লগতে আন বহুতো সমস্যাই গা কৰি উঠে। এই ৰোগসমূহৰ ভিতৰত অন্যতম হ’ল ‘লিভাৰ চিৰোছিছ’।
কেনে ধৰণৰ সতৰ্কতা গ্ৰহণ কৰিব
* যদিহে লিভাৰ চিৰোছিছৰ কোনো ধৰণৰ লক্ষণ ফুটি উঠিছে তেতিয়া হ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। যিমানেই পলম কৰিব ৰোগে সিমানেই জটিল ৰূপ ল’ব।
* মাদক দ্ৰব্য সেৱনৰ পৰা সদায় আঁতৰি থাকিবই লাগিব। ভুলতেও মদ খাব নালাগে।
* নিয়মীয়াকৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ গা কৰি উঠিছে নে নাই সেই বিষয়ে জানি থোৱা ভাল।
* হেপাটাইটিছ ‘এ’ আৰু ‘বি’ৰ প্ৰতিষেধক লোৱা উচিত।
* নিয়মীয়াকৈ ব্যায়াম কৰিলেও বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰি।
* সেউজীয়া শাক-পাচলি খালেও সুফল পোৱা যায়।
* উচ্চ কেলৰিযুক্ত খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিব লাগিব।
* ফাষ্টফুড, জাংকফুড আদিৰ পৰা পৰাপক্ষত নিজকে আঁতৰাই ৰখা উচিত।
* এন্টি অক্সিডেন্টযুক্ত খাদ্য গ্ৰহণত গুৰুত্ব দিব লাগে। কাৰণ শৰীৰত উৎপন্ন হোৱা ফ্ৰিৰেডিকেল বা বৰ্জ্যৰ বিৰুদ্ধে যুঁজ দিব পাৰে এন্টিঅক্সিডেন্টে।
* নিয়মীয়াকৈ ফলমুল খালেও সুফল পোৱা যায়।
* খাদ্য তালিকাত শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে।
* উচ্চ চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিবই লাগিব।
* নিয়মীয়াকৈ শুকান ফল খালেও সুফল পাব।
* সময়ত কেঁচা হালধি, ওমেগা-৩যুক্ত খাদ্য খাব লাগে।
কাৰণসমূহ
লিভাৰ চিৰোছিছ হোৱাৰ আঁৰত বহুতো কাৰণ থাকে। এই কাৰণসমূহৰ ভিতৰত অন্যতম হ’ল-
*দীৰ্ঘদিন ধৰি মাদক দ্ৰব্য সেৱন কৰিলে এই ৰোগ হোৱাৰ আশংকা থাকে। এদিন বা দুদিন খালেই যে চিৰোছিছ হ’ব তেনে নহয়। দিনে-নিশাই মদত ডূব গৈ থাকিলেহে এনে হ’ব পাৰে।
* মেদ বহুলতাৰ বাবেও হ’ব পাৰে বুলি গৱেষকসকলে উল্লেখ কৰিছে।
* তেজত ক’লেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পালেও হ’ব পাৰে।
* বেজীৰে ড্ৰাগছ আদি শৰীৰত প্ৰৱেশ কৰাৰ পাছতো এনে হ’ব পাৰে। এটা বেজীৰে কে’বাজনে ল’লেও হ’ব পাৰে।
* এই ৰোগ হোৱাৰ আঁৰত হেপাটাইটিছ ‘বি’ আৰু ‘চি’ও আছে। কেনেবাকৈ হেপেটাইটিছ ‘বি’ আৰু ‘চি’ৰ ভাইৰাছ শৰীৰত প্ৰৱেশ কৰিলে লিভাৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰে।
* বেছি ধাতুযুক্ত খাদ্যৰ ফলতো এনে হ’ব পাৰে।
* শৃংখলাহীন জীৱনো হ’ব পাৰে লিভাৰৰ ৰোগৰ কাৰক।
* শৌচ অনিয়ম হ’বলৈ ধৰে।
বংশগত ৰোগ নে?
চিৰোছিছত বংশগত ৰোগ বুলি ক’ব নোৱাৰি। ইয়াৰ মাজতে কেতিয়াবা কিছুমান বংশগত কাৰকৰ বাবে এনে ৰোগ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। পিতৃ-মাতৃৰ পৰা সন্তানলৈ পোনপটীয়াকৈ নাযায় যদিও বংশগতভাৱে হোৱা এনে কিছুৰোগ আছে যিবোৰে পৰোক্ষভাৱে লিভাৰৰ ক্ষতিসাধন কৰি চিৰোছিছৰ পৰ্যায়ত উপনীত কৰে। ডায়েবেটিছ আদি ৰোগৰ বাবে এনে হ’ব পাৰে যদিহে কোনো পৰিয়ালত ক্ৰ’নিক ৰোগত আক্ৰান্ত লোক থাকে তেতিয়া হ’লে চিকিৎসকৰ পৰা নিয়মীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
সক্ষণ সমূহ
প্ৰাথমিক পৰ্যায়ত কেইটামান লক্ষণৰ ওপৰত ভিত্তি কৰি পৰীক্ষা কৰিলেই এই ৰোগত আক্ৰান্ত হোৱাৰ বিষয়ে জানিব পাৰি।
*আক্ৰান্ত লোকজনে অনবৰতে ভাগৰ অনুভৱ কৰিব পাৰে।
* এনে হ’লে খুব ভাগৰ লাগে। সামান্য কাম কৰিলেই ভাগৰ অনুভৱ কৰিবলৈ ধৰে।
* আক্ৰান্ত লোকজনৰ ভোক নলগা হয়। একো বস্তুকে খাবলৈ মন নাযায়।
* ৰোগীৰ তেজত বিলিৰুবিনৰ পৰিমাণ বৃদ্ধি পায়। সহজ অৰ্থত ক’বলৈ হ’লে জণ্ডিজত আক্ৰান্ত হয়।
* বমি বা ওকালি ভাব হ’ব পাৰে।
যেতিয়া জটিল ৰূপ লয়
যেতিয়া লিভাৰ চিৰোছিছে জটিল ৰূপ ধাৰণ কৰে অৰ্থাৎ জটিল বা অন্তিম পৰ্যায়ত উপনীত হয় তেতিয়া কিছুমান বিশেষ লক্ষণ ফুটি উঠে। প্ৰাথমিক পৰ্যায়ৰ লক্ষণসমূহৰ যিবোৰ বিশেষ লক্ষণে দেখা দিয়ে সেইবোৰ হ’ল-
*আক্ৰান্তজনৰ জণ্ডিজ বেছি হয়। অৰ্থাৎ তেজত বিলিৰুবিনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে।
* লোকজনৰ দুয়োখন ভৰি ফুলিবলৈ আৰম্ভ কৰে।
* পেট ফুলি উঠা বা পানী জমা হোৱাটো আন এক লক্ষণ।
* শৰীৰৰ পৰা তেজ ওলাবলৈ ধৰে। বমি অথবা শৌচৰ সতে তেজ ওলায়।
* অস্বাভাৱিকভাৱে শৰীৰৰ ওজন হ্ৰাস পায়।
জীৱন শৈলীৰ পৰিৱৰ্তন কৰিবই লাগিব
আধুনিক জীৱন শৈলীজনিত ৰোগ প্ৰতিৰোধ কৰিবলৈ জীৱন শৈলীৰ পৰিৱৰ্তন কৰিবই লাগিব। শৃংখলিত জীৱন-যাপন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব। পুৱা সোনকালে বিছনা ত্যাগ কৰি ব্যায়াম কৰা, নিৰ্দিষ্ট সময়ত স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য বিশেষকৈ সুষম আহাৰ গ্ৰহণ কৰাৰ উপৰি জাংকফুড, ফাষ্টফুড আদিৰ পৰা আঁতৰি থকা মাদক দ্ৰব্য, নিচাজাতীয় দ্ৰব্য পৰিহাৰ কৰা বা অভ্যাস ত্যাগ কৰা আৰু নিশা সোনকালে শোৱাপাটীলৈ যোৱা আদি মানি চলিব লাগিব। জীৱন শৈলীৰ পৰিৱৰ্তে কেৱল লিভাৰ চিৰোছিছেই নহয় আন ৰোগৰ পৰাও হাত সাৰিব পাৰি।

Address

Sibsagar
785684

Telephone

+918638722394

Website

Alerts

Be the first to know and let us send you an email when SR Medical Namti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to SR Medical Namti:

Videos

Share

Nearby clinics



You may also like