Institute of Urology and Kidney Diseases - IUKD

Institute of Urology and Kidney Diseases - IUKD First and only Kidney Super- Specialty Hospital in North- East India

Institute of Urology and Kidney Diseases (IUKD), Sonapur, Guwahati, Kamrup (M), Assam, is the First and only Hospital in entire Northeastern Region of India, dedicated towards all Kidney and Urological related problems. The Hospital is well equipped with latest advanced LASER and Laparoscopic Technologies, Modular OTs with 100 bedded facility, ICU, dialysis units, Labaratory, Radiology - CT Scan,

Ultrasound, X-ray, Pharmacy and 24X7 Emergency Care. It will offer Diagnostics and treatment for Kidney stone diseases, urology cancers, prostate diseases, Andrology, Laparoscopic and LASER Surgery. Our OPD & Information Centre, is at Center for Advanced Urology and Kidney Diseases - AUKD, Guwahati, Assam. For Appointment Call/Message: +91 9864104444 / +918822721671
or email: aukd.assam@gmail.com

Dr. Arup Kumar Nath Dr. Debajit Baishya Urologist Dr. Anup Dutta Baruah Dr. Nitul Baishya in Center for Advanced Urology and Kidney Diseases - AUKD

20/04/2026

#গোগামুখৰ_ৰাইজৰ_বাবে_সুখবৰ !
কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা অসমীয়া যুৱ মঞ্চ ধেমাজি জিলা সমিতি আৰু ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ৷
কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা, কিডনী ষ্ট'ন, পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, কিডনী বিকল হোৱা, ইউৰ'লজিকেল কেঞ্চাৰ, অথবা পুৰুষ-মহিলাৰ যিকোনো যৌন সমস্যাৰ ক্ষেত্রত বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰক৷
স্থান : শংকৰদেৱ শিশু নিকেতন, গোগামুখ, ধেমাজি
দিনাংক : ৩/০৫/২০২৬
সময় : পুৱা ১০ বজাৰ পৰা
যোগাযোগৰ বাবে ফোন নম্বৰ :
6001626200, 7896844743 অথবা 9864104444
Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

20/04/2026

#নগাঁও_জিলাৰ_পূব_সৰাগাঁৱৰ_ৰাইজৰ_বাবে_সুখবৰ !
কিডনী হস্পিটেল iUKD, হেল্পিংহেণ্ড সংস্থা, তথা পূব সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ৷
কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা, কিডনী ষ্ট'ন, পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, কিডনী বিকল হোৱা, ইউৰ'লজিকেল কেঞ্চাৰ, অথবা পুৰুষ-মহিলাৰ যিকোনো যৌন সমস্যাৰ ক্ষেত্রত বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰক৷

স্থান : পূব সৰাগাঁও ৰাজহুৱা মঞ্চ, নগাঁও৷
দিনাংক : ২২ এপ্ৰিল, ২০২৬, বুধবাৰ
সময় : দিনৰ ১১ বজাৰ পৰা

যোগাযোগৰ বাবে ফোন নম্বৰ :
8011501833, 9864104444
7635901139 অথবা 8471960319

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

চিকিৎসক শ্ৰদ্ধাৰ ডাঃ জিতু বড়োৰ বিয়োগত অশ্ৰু-অঞ্জলি :   গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ অতি নিষ্ঠাৱান, অমায়িক...
20/04/2026

চিকিৎসক শ্ৰদ্ধাৰ ডাঃ জিতু বড়োৰ বিয়োগত অশ্ৰু-অঞ্জলি :

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ অতি নিষ্ঠাৱান, অমায়িক, কৰ্মপটু চিকিৎসক শ্ৰদ্ধাৰ ডাঃ জিতু বড়োৰ অকাল দেহাৱসানত iUKDৰ সমূহ চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছ অতিকে মৰ্মাহত হৈছোঁ৷ iUKDৰ তৰফৰ পৰা তেখেতৰ পৱিত্ৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মা বৈকুণ্ঠগামী হওক—iUKDৰ পৰিয়ালবৰ্গই নেদেখাজনৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ।

HAPPY BIRTHDAY SHRI NIKITA KAIREE : iUKDৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক ওপজা দিনৰ আন্তৰিক ওলগ তথা শুভকামনা জ্ঞাপন কৰিছোঁ।
20/04/2026

HAPPY BIRTHDAY SHRI NIKITA KAIREE : iUKDৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক ওপজা দিনৰ আন্তৰিক ওলগ তথা শুভকামনা জ্ঞাপন কৰিছোঁ।

iUKDত অগ্নিকাণ্ডৰ জৰুৰীকালীন নিয়ন্ত্ৰণৰ সজাগতা কৰ্মশালা আৰু মকড্ৰিল :   কোনো ঠাইত হঠাতে অগ্নিকাণ্ড সংঘটিত হ’লে সেই অগ্নি...
20/04/2026

iUKDত অগ্নিকাণ্ডৰ জৰুৰীকালীন নিয়ন্ত্ৰণৰ সজাগতা কৰ্মশালা আৰু মকড্ৰিল :

কোনো ঠাইত হঠাতে অগ্নিকাণ্ড সংঘটিত হ’লে সেই অগ্নিকাণ্ডক কিদৰে প্ৰতিৰোধ কৰিব পাৰি অথবা আশ-পাশৰ অঞ্চললৈ জুই বিস্তাৰিত নহ’বলৈ আৰু জুইৰ পৰা জীৱন তথা সা-সম্পত্তিৰ কোনো ক্ষতি নহ’বলৈ তাৎক্ষণিকভাৱে কি কৰা উচিত—এই সম্পৰ্কে জনাটো খুবেই প্ৰয়োজন। এখন চিকিৎসালয়ত কেনেবাকৈ অগ্নিকাণ্ড সংঘটিত হ’লে প্ৰাৰম্ভিক অৱস্থাত কিধৰণৰ সজাগতাৰ প্ৰয়োজন— সেই বিষয়ে আজি (২০ এপ্ৰিল ২০২৬, সোমবাৰ) গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ চৌহদত সোণাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত দিনৰ ১২-৩০ বজাত এটা সজাগতা কৰ্মশালা অনুষ্ঠিত হয়৷ এই মকড্ৰিলত অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে অগ্নিকাণ্ডৰ সময়ত ল’বলগা কেইবাটাও সাৱধানতাসূচক অনুশীলন প্ৰদৰ্শন কৰে৷ উক্ত মকড্ৰিলৰ জৰিয়তে হঠাতে জুই লাগিলে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তথা জুইৰ পৰা কিদৰে জীৱন-সম্পত্তি বচাব পাৰি, সেই বিষয়ে সুন্দৰভাৱে বুজাই দিয়ে৷
এই ছেগতে কিডনী হস্পিটেল iUKDৰ পৰিয়ালৰ তৰফৰ পৰা সোণাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰোঁ।

শ্ৰদ্ধাৰ ডাঃ জিতু বড়োৰ বিয়োগত iUKDত শোকসভা :   জন্মলগ্নৰে পৰা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ লগত চিকিৎসকৰূপ...
20/04/2026

শ্ৰদ্ধাৰ ডাঃ জিতু বড়োৰ বিয়োগত iUKDত শোকসভা :

জন্মলগ্নৰে পৰা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ লগত চিকিৎসকৰূপে জড়িত হৈ অতি কৰ্তব্যনিষ্ঠা, কৰ্তব্যপৰায়ণ হিচাপে সেৱা আগবঢ়োৱা শ্ৰদ্ধাৰ চিকিৎসক ডাঃ জিতু বড়োৰ যোৱা ১৮ এপ্ৰিল, ২০২৬, শনিবাৰে অকাল বিয়োগ ঘটে। তেখেতৰ দেহাৱসানত iUKDৰ সমূহ পৰিয়ালবৰ্গ মৰ্মাহত হৈছোঁ৷ তেখেতৰ পৱিত্ৰ আত্মাৰ চিৰশান্তি কামনাৰ বাবে আজি (২০ এপ্ৰিল, সোমবাৰ) iUKDৰ কনফাৰেঞ্চ হলত এখনি শোকসভা অনুষ্ঠিত হয়৷ এই শোকসভাত iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকচৰ মুখ‍্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথ উপস্থিত থাকি স্বৰ্গীয় জিতু বড়োৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। পাছত ডাঃ নাথে সভাত উপস্থিত থকা চিকিৎসক আৰু স্বাস্থ‍্যকৰ্মীৰ আগত ডাঃ জিতু বড়োৱে iUKDত কৰি যোৱা অৱদানৰ বিষয়ে সোঁৱৰণ কৰে৷ সভাত উপস্থিত থকা iUKDৰ প্ৰতিগৰাকী সদস‍্য-সদস‍্যাই ডাঃ জিতু বড়োৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে৷

HAPPY BIRTHDAY SHRI SMITA RAJBONGSHI : iUKDৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক ওপজা দিনৰ আন্তৰিক ওলগ তথা শুভকামনা জ্ঞাপন কৰিছোঁ।
19/04/2026

HAPPY BIRTHDAY SHRI SMITA RAJBONGSHI : iUKDৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক ওপজা দিনৰ আন্তৰিক ওলগ তথা শুভকামনা জ্ঞাপন কৰিছোঁ।

18/04/2026

You will be pleased to know that at Kidney Hospital iUKD, located in Sonapur, Guwahati, free consultations are offered every Sunday for all urinary and kidney-related conditions. These consultations are conducted by experienced urologists and nephrologists.

Time: 10:00 AM to 1:00 PM
Contact Numbers: 8011501833 / 9864104444

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

18/04/2026

আপুনি জানি সুখী হ’ব যে
গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKDত প্ৰতি দেওবাৰে যিকোনো প্ৰস্ৰাৱ তথা কিডনীজনিত ৰোগৰ ক্ষেত্ৰত অভিজ্ঞতাসম্পন্ন ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ আগবঢ়োৱা হয়।
সময় ঃ পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ৷
যোগাযোগৰ বাবে ফোন নম্বৰ : 8011501833 অথবা 9864104444
Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

 #গোৱালপাৰাত_iUKDৰ_২০৭সংখ্যক_বিনামূলীয়া_স্বাস্থ্য_পৰীক্ষা_শিবিৰ_সম্পন্ন       গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD...
18/04/2026

#গোৱালপাৰাত_iUKDৰ_২০৭সংখ্যক_বিনামূলীয়া_স্বাস্থ্য_পৰীক্ষা_শিবিৰ_সম্পন্ন

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত আজি [১৮ এপ্ৰিল, ২০২৬, শনিবাৰে] গোৱালপাৰাৰ আগিয়া ৰোড দুৰ্গামন্দিৰ, এল আই চি অফিচৰ বিপৰীতে থকা ডাঃ এম এ ফাৰুক [এম ডি], গোৱালপাৰা ছ’ন’স্কেন চেণ্টাৰত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২০৭সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰটোত ১০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ এই বিনামূলীয়া চিকিৎসা শিবিৰত iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথ আৰু iUKDৰ চিকিৎসক ডাঃ বিকাশ চৌধুৰী উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰে আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰে৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ ‘লেজাৰমেন অব্‌ ইণ্ডিয়া’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ সু-নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে৷ সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত বিশেষ স্থান দখল কৰিছে৷
উল্লেখ্য যে মানৱদৰদী চিকিৎসক ডাঃ নাথে চিকিৎসাৰ জৰিয়তে ইতিমধ্যে সমাজৰ হকে বিভিন্ন কল্যাণমূলক কাম কৰি আহিছে, যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰে, তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছে৷ আপোনাৰো যদি কিডনীজনিত সমস্যাই দেখা দিছে, তেন্তে পলম নকৰি কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ ফোন নম্বৰ ৮০১১৫০১৮৩৩, ৯৮৬৪১০৪৪৪৪

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

যোগাভ্যাসে সুপ্ত গুণবোৰৰ বহিঃপ্ৰকাশ ঘটায় তথা কৰ্মত নিপুণতা আৰু দক্ষতা বৃদ্ধিত সহায় কৰে৷      প্ৰতি শনিবাৰে পুৱা আঠ বজাৰ ...
18/04/2026

যোগাভ্যাসে সুপ্ত গুণবোৰৰ বহিঃপ্ৰকাশ ঘটায় তথা কৰ্মত নিপুণতা আৰু দক্ষতা বৃদ্ধিত সহায় কৰে৷
প্ৰতি শনিবাৰে পুৱা আঠ বজাৰ পৰা কিডনী হস্পিটেল iUKDৰ চৌহদত চিকিৎসক, স্বাস্থ্যকৰ্মী তথা ৰোগীৰ অভিভাৱকক লৈ যোগগুৰু বিষ্ণুৰায় ৰাজবংশীৰ পৰিচালনাত যোগৰ অনুশীলন৷

কিডনীজনিত যিকোনো সমস্যা হ’লে সময় নষ্ট নকৰি আজিয়েই iUKDৰ সৈতে যোগাযোগ কৰক।
iUKDৰ ঠিকনা :
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati-782402
Phone Numbers: 8011501833, 9864104444
যোগৰ জৰিয়তে সুস্থ জীৱন আৰম্ভ কৰক। iUKDত আপোনাৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱা হয়।
#

 #আজি_শ্ৰীশ্ৰী_দামোদৰদেৱৰ_তিৰোভাৱ_তিথি      আজি শ্ৰীশ্ৰী দামোদৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা গ...
18/04/2026

#আজি_শ্ৰীশ্ৰী_দামোদৰদেৱৰ_তিৰোভাৱ_তিথি

আজি শ্ৰীশ্ৰী দামোদৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই ভক্তিভৰা স্মৰণ কৰিছোঁ৷

Address

Institute Of Urology And Kidney Diseases (IUKD), Nazirakhat, Guwahati (Kamrup M)/
Sonapur
782402

Alerts

Be the first to know and let us send you an email when Institute of Urology and Kidney Diseases - IUKD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Institute of Urology and Kidney Diseases - IUKD:

Share

Category