21/10/2021
এবিধ সচৰাচৰ হৈ থকা বেমাৰ হ'ল 'কাঠ-আৰ্চিনাই'।
(A MOST COMMON DISEASE IS WART)
কাঠ-আৰ্চিনাই (The Wart) সকলো বয়সৰ মানুহৰ আৰু পুৰুষ-মহিলা সকলোৰে ক্ষেত্ৰত সাধাৰণতে হোৱা দেখা যায়, যদিও কম বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।
ই এবিধ দুষিত পাৰিপাৰ্শ্বিক পৰিবেশ আৰু ঘন বসতিপূণʼ ঠাইত বেছিকৈ হোৱা দেখা যায়। কাৰণ, ই এবিধ মানুহৰ ছালৰ মাজেৰে সহজে সোমাই যাব পৰা (Easily Filterable by Human Skin) ভাইৰাছৰ পৰা হয়। এই ভাইৰাছ বিধৰ নাম হ'ল 'হিউমেন পপিলমা ভাইৰাছ'(Human Papilloma Virus)। সংক্ষেপে এইছ,পি,ভি (H.P.V.) বুলি কোৱা হয়।
কাঠ-আৰ্চিনাই এবিধ 'নন মালিগ্নেন্ত'(Non Malignent) ছালৰ ওপৰত হোৱা অৰ্বুদ (Epithelial Groth)।
এই ভাইৰাছ বিধে এজন লোকৰ পৰা আন এজনলৈ তেতিয়াই বিয়পে যেতিয়া লোকজনৰ ছালত আঘাত পোৱা থাকে আৰু মানুজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়, (ই দীৰ্ঘ দিনৰ পৰা বেমাৰত ভুগি থকা বাবেই হওক বা বহুদিন এলোপেথিক ঔষধ খাই থকাৰ ফলতেই হওক), ভাইৰাছ বিধে মানুহজনৰ শৰীৰত প্ৰৱেশ কৰে। ইয়াৰ কেইবামাহ বা কেইবা বছৰৰ পিছত কাঠ-আৰ্চিনাই (Wart) ছালৰ ওপৰত ওলাই আহে।
সৰু সৰু ল'ৰা ছোৱালী বিলকে খালি ভৰিৰে লেতেৰা ঠাইত খোজ কাঢ়িলে, যত এই ভাইৰাছ বিধে বসতি কৰে, তেতিয়া অতি সহজতে ই সেই লোকজনৰ শৰীৰত প্ৰৱেশ কৰে আৰু পিছত সময়ৰ মূৰত কাঠ-আৰ্চিনাই দেখা দিয়ে।
কাঠ-আৰ্চিনাই শৰীৰৰ বিভিন্ন ঠাইত হ'ব পাৰে। হাত, হাতৰ আঙুলি, হাতৰ তলুৱা, ভৰি, ডিঙি, নাক, চকু, কপাল, গাল, পিঠি, বুকু , মূৰ, এনেকি মানুহৰ গোপন অংগতো কাঠ আৰ্চিনাই হোৱা দেখা যায়। ইয়াৰ আকৃতি জোঙা, চেপেটা, গোলাকাৰ, সৰু, ডাঙৰ আদি বিভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়।
এলোপেথিক চিকিৎসা পদ্ধতিত ইয়াক নিৰ্মূল কৰিবলৈ অস্ত্ৰপ্ৰচাৰৰ পৰামৰ্শ দিয়ে। কিন্তু, হোমিওপেথিক চিকিৎসা পদ্ধতিত ইয়াৰ অতি সুন্দৰ চিকিৎসা আছে আৰু ঔষধৰ দ্বাৰাই ইয়াক নিৰ্মূল কৰিব পৰা যায়। মাত্ৰ, সঠিক ঔষধ নিৰ্বাচন কৰি সঠিকভাৱে প্ৰয়োগ কৰিব লাগে। সেইবাবে সদায় অভিজ্ঞ আৰু অৰ্হতা থকা হোমিওপেথিক চিকিৎসকৰ পৰাহে ঔষধ খাব লাগে। বটলত থকা পেটেণ্ট ঔষধেৰে ইয়াক নিৰ্মূল কৰিব পৰা নাযায়। আজিকালি বহুত হোমিওপেথিক চিকিৎসক ওলাইছে যিয়ে অকল পেটেণ্ট ঔষধ সেৱন কৰিব দিয়ে আৰু আচল নিৰ্বাচিত ঔষধ অজ্ঞতাৰ বাবেই হওক বা ইচ্ছাকৃতভাৱেই হওক নিদিয়ে। ফলত ৰোগ সম্পূৰ্ণৰূপে নিৰাময় নহয়।
মই মোৰ ক্লিনিকত এই কাঠ-আৰ্চিনাই অতি সাবধানে উপযুক্ত ঔষধ নিৰ্ণয় আৰু প্ৰয়োগ কৰি বহুতো ৰোগীক আৰোগ্য কৰিছোঁ।
ডাঃ দীপাংকৰ নাথ,
এম,ডি (এইছ), বি,ডি,ডি
নাথ হোমিও ক্লিনিক, শইকীয়াচুবুৰী, তেজপুৰ, অসম।
ফোন ০৩৭১২২৩৬৬৭৮
(Please share this)