Astrologer Krishna Kamal Nath

Astrologer Krishna Kamal Nath এই গ্ৰুপটোৰ যোগেদি ধৰ্ম, আধ্যাত্মিকতা, জ্যোতিষ শাস্ত্ৰ, জ্যোতিষ বিজ্ঞান আদিৰ ওপৰত আলোচনা কৰা হব।

23/02/2026

বাস্তু শাস্ত্ৰত জলতত্ত্বৰ গুৰুত্বৰ বিষয়ে কিছু কথা:-
আমাৰ পৃথিৱীখন পাঁচটা তত্ত্বৰে গঠিত, ঠিক তেনেকৈ মানৱ শৰীৰটোও পষ্ণ তত্ত্বৰে গঠিত। আৰু ঘৰ এখনটো এই পঞ্চ তত্ত্ব বিৰাজমান হৈ থাকে। পঞ্চ তত্ত্ব হৈছে:- পৃথিৱী, জল, বায়ু, অগ্নি আৰু আকাশ।

জল তত্ত্বৰ স্বভাৱ হৈছে কেৱল আগলৈ বৈ থকা। জল তত্ত্বক স্পষ্টতা, প্ৰৱাহ আৰু উৎপাদনৰ কাৰক হিচাপে অভিহিত কৰা হৈছে। আৰু ঘৰ এখনৰ উত্তৰ দিশ টোৱেই হৈছে জল তত্ত্বৰ স্থান।
মনৰ মাজত নতুন নতুন ধাৰণা (Idea) সৃষ্টি হোৱা, বিচাৰৰ প্ৰতি স্পষ্টতা অহা, জীৱনলৈ নতুন নতুন সুযোগ সুবিধা অহা আদিবোৰৰ লগতে স্বাস্থ্যদায়িনী শক্তি, ৰোগ প্ৰতি ৰোধক ক্ষমতা আদিবোৰ জল তত্ত্বই প্ৰতিনিধিত্ব কৰে।

যদি ঘৰ এখনত উত্তৰ দিশটো positive থাকে তেন্তে সেই ঘৰত বাস কৰা প্ৰতি গৰাকী ব্যক্তিৰ চিন্তা চৰ্চা বিলাক ডাঙৰ হয় তথা উচ্চ চিন্তা কৰিব পৰা শক্তি থাকে, ইয়াৰ উপৰিও জীৱনটোৰ প্ৰতি আধ্যাত্মিক আৰু দাৰ্শনিক দৃষ্টিকোন থাকে। এনে ঘৰত বাস কৰা ব্যক্তি সকলে ভাগ্যৰ ওপৰত বিশ্বাস কৰি বহি নাথাকি কৰ্মৰ যোগেদি ভাগ্য গঢ়াৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে।
আৰু যদি উত্তৰ দিশটো negative হৈ থাকে তেন্তে ওপৰত উল্লেখ কৰা কথা খিনিৰ বিপৰীত ফল দেখিবলৈ পোৱা যায়।

বি: দ্ৰ:- দিশ আৰু দশা দুয়োটাই গুৰুত্ব আছে। জ্যোতিষ যদি এক বিশাল বৃক্ষ হয় তেন্তে বাস্তু হৈছে সেই বৃক্ষৰ এক শাখা। যদি জন্ম কুণ্ডলীত গ্ৰহৰ স্থান ঠিক থাকে তেন্তে সেই ব্যক্তিৰ ঘৰত বাস্তু দোষ থাকিলেও একো ক্ষতি নকৰে কিন্তু যদি গ্ৰহৰ স্থান বেয়া থাকে সেই ঘৰত যদি বাস্তু দোষৰ প্ৰভাৱো থাকে তেন্তে জন্ম কুণ্ডলীত পাপ গ্ৰহৰ দশা মহা দশা চলাৰ সময়ত বহু সমস্যা সৃষ্টি কৰে। গতিকে বাস্তু বিচাৰ কৰিবলৈ যাওঁতে বৈদিক জ্যোতিষৰ ওপৰত জ্ঞান থকাটো অতি প্ৰয়োজনীয়।

জ্যোতিষ আচাৰ্য
শ্ৰী কৃষ্ণ কমল নাথ
যোগাযোগ:- 8723023220
゚viralfollowersシ゚

Address

VILL+PO:=PITHAKHOWA
Tezpur
784001

Telephone

+918723023220

Website

Alerts

Be the first to know and let us send you an email when Astrologer Krishna Kamal Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Astrologer Krishna Kamal Nath:

Share