Assamese Vastu

  • Home
  • Assamese Vastu

Assamese Vastu Assamese Vastu Shastra to maintain peace and harmony at your home.

05/11/2024

ঘৰ
ঘৰ এখন পৰিচালিত কৰিবলৈ টকা পইচা অৱশ্যেই প্ৰয়োজন হয় । কেতিয়াবা আমাৰ মনত এনেকুৱা চিন্তা আহে ঘৰ খন কেনেকৈ চলাম কি কৰিম এনেকুৱা বিভিন্ন চিন্তাই মনটো জুৰুলা কৰে।
এনে পৰিস্থিতিত সদায় এটা কথা মনত ৰাখিব লাগে যে ঈশ্বৰ আছে, সদায় ৰাতিপুৱা আৰু সন্ধিয়া ঈশ্বৰক ধূপ ধূনা জ্বলাই সেৱা প্ৰাৰ্থনা কৰিলে ঘৰ এখন কৰে পৰিচালনা কৰাত ঈশ্বৰে সহায় কৰে। খোৱা আৰু পিন্ধা উৰা ঈশ্বৰে সদায় কিবা নহয় কিবা উপায়েৰে সকলো মিলাই দিয়ে।

30/06/2024

চাকৰিৰ বাবে
বৰ্তমান সময়ত চাকৰি এটা যোগাৰ কৰিবলৈ যথেষ্ট টান যদিও
ঢেষ্টাৰ অসাধ্য একো নাই। আমি চেষ্টা কৰি যাম।
চাকৰিৰ বাবে বহু চেষ্টা কৰিও যদি সফল হব পৰা নাই তেন্তে কৰক কেইটামান সৰু উপায় ,,,
1.এটা নিমুটেঙা লৈ মূৰৰ ওপৰেৰে ঘড়ীৰ দিশৰ বিপৰীতে ওলোটা কৈ আঠ বাৰ ঘূৰাই চাৰি টুকুৰা কৰি কোনো চাৰিআলিত পূব ফালে মুখ কৰি চাৰিও ফালে এটুকুৰা কৈ দলিয়াই দিব আৰু পিছলৈ নোছোৱাকৈ ঘৰলৈ আহিব ।
2.ঘৰৰ পূজা ঘৰত এখন উৰা হনুমানৰ ফটো ৰাখি ধূপ ধূনা জ্বলাই সদায় পূজা কৰিব ।
চাকৰিৰ ক্ষেত্ৰত থকা সমস্যা দূৰ হব ।

With Pratidin Time – I just got recognized as one of their rising fans! 🎉
23/06/2024

With Pratidin Time – I just got recognized as one of their rising fans! 🎉

22/06/2024

বিয়াৰ ক্ষেত্ৰত কিছু
বিয়াৰ উপযুক্ত লৰা বা ছোৱালী আছে অথচ বিয়াৰ বাবে কোনো সম্বন্ধ অহা নাই এনে ক্ষেত্ৰত সাধাৰণতে ঘৰৰ উত্তৰ দিশত বাস্ত দোষ আছে অনুমান কৰিব পাৰি।
আৰু যদি বিয়াৰ সকলো ঠিক ঠাক হৈ যোৱাৰ পিছত হঠাৎ বিয়া ভাগে এনে ক্ষেত্ৰত সাধাৰণতে ঘৰৰ দক্ষিণ পূৱ দিশত বাস্ত দোষ আছে বুলি অনুমান কৰিব পাৰি।
আনহাতে লৰা ছোৱালী জনীৰ যোগ্যতা চাই সেই
অনুপাতে সম্বন্ধৰ মিল হোৱা নাই বা দৰা কইনা যোৰা মিলা নাই এনে ক্ষেত্ৰত সাধাৰণতে ঘৰৰ দক্ষিণ পশ্চিম দিশত বাস্ত দোষ আছে বুলি অনুমান কৰিব পাৰি।
এনেকুৱা হ'লে বিবাহ প্ৰাৰ্থী জনক ঘৰৰ পূব বা দক্ষিণ পূৱ দিশত শোৱনী কোঠা দিব লাগে।

16/06/2024

বাস্তু টিপচ
সদায় ৰাতিপুৱা আৰু সন্ধিয়া তিল তেল নাইবা ঘিউ চাকি জ্বলাই ঈশ্বৰক সেৱা পূজা কৰি প্ৰাৰ্থনা কৰিলে, আমাৰ জীৱনত প্ৰয়োজনীয় ব্স্ত্ৰ ,খাদ্য আৰু শিক্ষা দিক্ষাৰ ব্যৱস্থা ঈশ্বৰে সুন্দৰ ভাৱে কৰি দিয়ে ।

06/06/2024

ঘৰ এখনত পতি পত্নী দুয়োজনে উপাৰ্জন কৰাৰ পিছতো টকা সঞ্চয় কৰিব পৰা নাই যদি জানিব ঘৰত কিবা বাস্ত দোষ আছে। এনেকুৱা হ'লে ঘৰৰ অগ্নি কোনত বাস্ত দোষ আছে বুলি অনুমান কৰিব পাৰি।আমাৰ ঘৰৰ অগ্নি কোনত যদি বাটৰুম থাকে বা পানীৰ কোনো উৎস থাকে সাধাৰণতে ঘৰ খনত
টকা পইচাৰ সমস্যা দেখা যায়।
প্ৰতিকাৰ হিচাপে ঘৰৰ অগ্নি কোনত এটা ৰঙা লাইট জ্বলাই ৰাখিব। ঘৰৰ অগ্নি কোনত ৰান্ধনী ঘৰ হ'লে টকা পইচাৰ সমস্যা নিজে নিজে সমাধান হব ।

29/05/2024

ঘৰ এখন সমৃদ্ধিশালী কৰি তুলিবলৈ
1ঘৰৰ মহিলা গৰাকীয়ে শুই উঠি তামৰ পাত্ৰত পানী লৈ ঘৰৰ দুৱাৰ দলিত চতিয়াব লাগে।
2 পুৱা গধূলি সদায় ধূপ ধূনা জ্বলাই পূজা সেৱা কৰিব লাগে ।
3 ঘৰৰ ঝাৰু কেতিয়াও থিয়কৈ ৰাখিব নালাগে।ঝাৰু সদায় আনে নেদেখাকৈ লুকুৱাই ৰাখিব লাগে । ঝাৰুত ভৰি লগাব নালাগে।
4 সপ্তাহত এদিন সামুদ্ৰিক নিমখেৰে ঘৰ মঢিব লাগে।ঘৰত কেতিয়াও মকৰা জাল হব দিব নালাগে।
5 ‍বিঢনাত বহি কেতিয়াও খাদ্য খাব নালাগে । জোতা চেন্ডেল পৰিপাতিকৈ ৰাখিব লাগে।
6 ঘৰৰ শোৱনী কোঠাত ৰাতি শোৱাৰ সময়ত সদায় কপূৰ জ্বলাব লাগে।
7 ঘৰৰ টকা ৰখা আলমাৰী উত্তৰ মূৱাকৈ ৰাখিব লাগে।
8 ঘৰৰ মূৰব্বী ব্যক্তি জনক সকলোৱে মানি চলিব লাগে।

28/05/2024

সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ আঁৰত পাঁচটা তত্ত্ব আছে।এই পাঁচটা তত্ত্ব হ'ল মাটি , পানী,জুই ,আকাশ আৰু বতাহ।মানব জীৱন ইয়াৰ অন্তৰ্গত হলেও মানব জীৱনত আৰু তিনিটা তত্ব আছে....এই তিনিটা তত্ব হ'ল মন বুদ্ধি আৰু অহংকাৰ। সেয়ে মানৱ জীৱনক জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয়। এই তিনিটা তত্ব সঠিক ভাবে প্ৰয়োগ কৰিব পাৰিলে মানৱ জীৱন শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতৰ হৈ উঠে ।

22/03/2024

Sharing some new tips 😊

03/03/2024
03/03/2024

Follow for more tips☺️🙏

Address


Opening Hours

09:00 - 17:00

Website

Alerts

Be the first to know and let us send you an email when Assamese Vastu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Assamese Vastu:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram