Ayushman Homoeo Clinic

  • Home
  • Ayushman Homoeo Clinic

Ayushman Homoeo Clinic Ayushman Homoeo Clinic is a Health Clinic where A Class Doctor provides treatment for all acute and

04/06/2023

আপুনি কোনো ধৰণৰ গুপ্ত ৰোগত ভুগি আছে নেকি ?
যৌন সমস্যা, পাইল্‌চ, মহিলাৰ মাহেকীয়া আৰু বগাস্ৰাবৰ সমস্যাৰ ১০০% নিৰাময় কৰিব পৰা হোমিওপেথি চিকিৎসাৰ বাবে যোগাযোগ কৰক ৷

নেত্ৰবৰ্ত্মকলাপ্ৰদাহ , যাক আমি সাধাৰণ ভাষাত চকু উঠা বুলি কওঁ ৷ ইংৰাজীত Conjunctivitis বুলি কোৱা হয় ৷ চকুৰ ওপৰি ভাগক conj...
01/02/2023

নেত্ৰবৰ্ত্মকলাপ্ৰদাহ , যাক আমি সাধাৰণ ভাষাত চকু উঠা বুলি কওঁ ৷ ইংৰাজীত Conjunctivitis বুলি কোৱা হয় ৷
চকুৰ ওপৰি ভাগক conjunctiva বুলি কোৱা হয় ৷ ই এবিধ শ্লৈষ্মিক ঝিল্লী ( Mucous Membrane ) ৷ বিভিন্ন কাৰণত চকুৰ ওপৰিভাগৰ আৱৰণ প্ৰদাহিত হয় বা উখহি উঠে । চকুৰ ৰঙ গুলপীয়া ৰঙচুৱা ধৰণৰ হয় ৷ পানী ওলাই থাকে ৷ খজুৱায় বা পিৰপিৰাই থাকে ৷ কেতিয়াবা বিষায় আৰু চকুৰ জ্বলন হয় ৷ চকুৰ পৰা লেতেৰা বগা আঠা ধৰণৰ এবিধ পদাৰ্থ ওলাই থাকে ৷ ৰাতিপুৱা কিছুমানৰ চকু বান্ধি থাকে ৷

এই ৰোগৰ কাৰণ সমূহ :
১) বেক্টেৰিয়া
২) ভাইৰাছ
৩) কেমিকেল বা এলাৰ্জেন সমূহ
ওপৰোক্ত যিকোনো কাৰণৰ ফলত এই ৰোগ হব পাৰে ৷
চকুৰ সংস্পৰ্শলৈ আহিলে এই কাৰকবোৰে চকুৰ ওপৰি ভাগত প্ৰদাহৰ সৃষ্টি কৰে আৰু বেমাৰ হয় ৷
বেক্টেৰিয়া আৰু ভাইৰাছ জনিত কাৰণত হোৱা conjunctivitis সংক্ৰামক হয় আৰু এজনৰ পৰা আন এজনলৈ বিয়পি যায় ৷ এই বেমাৰটো যিকোনো বয়সৰ মানুহৰ হব পাৰে ৷
এইবিধ বেমাৰ তিনিদিন চাৰিদিনৰ পৰা এসপ্তাহলৈ থাকিব পাৰে ৷

হোমিওপেথি চিকিৎসা :
এই বেমাৰৰ চিকিৎসাৰ বাবে হোমিওপেথিক ঔষধ অতিকৈ ফলপ্ৰসূ আৰু দ্ৰুত আৰোগ্য প্ৰদানকাৰী হিচাপে গণ্য ৷ ৰোগীৰ লক্ষণ সমূহৰ লগত হোমিওপেথিক ঔষধৰ সৰ্বাধিক সাদৃশ্য থকা ঔষধ নিৰ্বাচন কৰি প্ৰয়োগ কৰিলে কম সময়ৰ ভিতৰতেই সম্পূৰ্ণ আৰোগ্য লাভ কৰা সম্ভৱ ৷
খোৱা ঔষধৰ লগত চকুত ব্যৱহাৰ কৰা ড্ৰপ জাতীয় ঔষধৰ ব্যৱহাৰে ৰোগীৰ ৰোগ উপশমত ক্ষেত্ৰত বিশেষভাবে সহায়ক হয় ৷
নিম্নলিখিত হোমিওপেথিক ঔষধ সমূহ ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় কৰিব পাৰি ৷ কিন্তু ঔষধৰ প্ৰাৱল্য আৰু সেৱনৰ বিধি কোনোবা এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমতেহে নিৰ্ধাৰণ কৰা উচিত ৷

সচৰাচৰ ভাবে ব্যৱহাৰিত হোমিওপেথিক ঔষধ সমূহ :
Belladonna, Euphrasia,Pulsatilla, Aconite, Calcarea Sulph,Allium cepa,Borax, Argentum Nitricum.

ইয়াৰ ওপৰিও বেলেগ ঔষধো প্ৰযোজ্য হব পাৰে ৷
ঔষধ প্ৰয়োগৰ লগত খোৱা বোৱা আৰু চলা ফুৰাত কিছু নিয়ম পালন কৰা উচিত যাতে বেমাৰটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কামত আহে আৰু এজনৰ পৰা আনজনলৈ বিয়পি নাযায় ৷

বিঃ দ্ৰঃ যদি লিখনিটো আপোনালোকৰ বিন্দুমাত্ৰ কামত আহে তেন্তে শ্বেয়াৰ কৰি আগলৈ প্ৰেৰণ কৰে যেন আৰু মন্তব্য জনাব ৷
ডাঃ খাইৰুল ইছলাম
তাং ১/২/২০২৩

01/02/2023
সুপ্ৰভাত বন্ধুসকল৷ আশা কৰিছো সকলোৱে ভালে কুশলে আছে ৷ আপোনালোকৰ সৈতে AYUSHMAN HOMOEO CLINIC নামৰ এই ফেচবুক পেজৰ জড়িয়তে স্...
01/02/2023

সুপ্ৰভাত বন্ধুসকল৷ আশা কৰিছো সকলোৱে ভালে কুশলে আছে ৷ আপোনালোকৰ সৈতে AYUSHMAN HOMOEO CLINIC নামৰ এই ফেচবুক পেজৰ জড়িয়তে স্বাস্থ্যজনিত বিভিন্ন আলোচনা , পৰামৰ্শ আদি নিয়মীয়াকৈ কৰি মই আপোনালোকৰ বাবে স্বাস্থ্যসেৱা আগঢ়াই যাম বুলি ভাবিছো ৷
মই আশা কৰো আপোনালোকে মোৰ লগত বিনা দ্বিধাৰে মুক্ত মনেৰে স্বাস্থ্যজনিত যিকোনো সমস্যাৰ বাবে যিকোনো সময়ত যোগাযোগ কৰিব ৷ আপোনালোকৰ প্ৰতি এয়াই মোৰ আহব্বান যে যদিহে কোনোবা দুখীয়া মানুহ থাকে যাৰ চিকিৎসাৰ বাবে কাষত থিয় দিবলৈ কোনো নাই ৷ তেনেকুৱা ব্যাক্তিক চিকিৎসা কৰিবলৈ মই যিমানদূৰ সম্ভৱ সহায় কৰিম ৷
আপোনালোকে মোৰ পেজটো Follow কৰিব আৰু মোৰ পোষ্টবোৰ Share কৰিব বুলি আশা থাকিল ৷ ধন্যবাদ ৷
ডাঃ খাইৰুল ইছলাম
আয়ুস্বান হোমিও ক্লিনিক
লক্ষীপুৰ, গোৱালপাৰা, অসম
যোগাযোগ নম্বৰ
9957366175, 8638491250

Address


Opening Hours

Monday 07:00 - 20:00
Tuesday 07:00 - 20:00
Wednesday 07:00 - 20:00
Thursday 07:00 - 20:00
Friday 07:00 - 20:00
Saturday 07:00 - 20:00
Sunday 07:00 - 20:00

Telephone

+918638491250

Website

Alerts

Be the first to know and let us send you an email when Ayushman Homoeo Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Ayushman Homoeo Clinic:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram