25/05/2022
কিমান নো প্ৰতিবাদ কৰিম! কিবা লিখিলেই চৰকাৰৰ বিপক্ষে গৈছে বুলি ভণ্ডসকলে প্ৰচাৰ চলায়! সকলো অন্যায় অবিচাৰ অত্যাচাৰ নিৰবে চাই থকাৰ বাদে বিকল্প দেখা নাই, কলম কাৰোবাৰ ভৰিৰ তলত সোমাই গৈছে!! কিন্তু আমি যে সদায় মানুহৰ পক্ষত, মানৱীয়তাৰ পক্ষত। বেছি নকওঁ, বটদ্ৰৱাৰ সেইফালে মোৰ কোনোবা বন্ধু আছে নেকি কওক। পিতৃ মাতৃৰ অবৰ্তমানত সেই শিশু দুটিৰ বৰ্তমান খবৰ কেনে জনাওঁক। সিহঁতৰ দায়িত্ব কোনোবাই ললে নেকি সবিশেষ জনাওঁক। দিনটো ব্যস্ত থাকোঁ, তাৰোপৰি আমি বহু দূৰত থাকো বাবে প্ৰত্যক্ষভাৱে একো সহায় কৰিব পৰা নাই, গতিকে শিশু দুটিৰ ভৱিষ্যত পুনৰ গঠন কৰিবলৈ আমি কিবা সহায় কৰিব পাৰোঁ নেকি জনাওঁক। অসহায় শিশু দুটিৰ বাবে আমি যুবসমাজে কি কৰিব পাৰোঁ চিন্তা কৰক, প্ৰতিবাদী লিখা মেলা লাগিলে পিছতেই কৰিম বাৰু 🙏🙏